ঘৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

ঘৰ

 


ঘৰ


            দেৱৰাজ মিলি


কথাত কথা বাঢ়ি

তোমাৰ লগত দুৰ্বাদল কাজিয়া হয় কেতিয়াবা

অ’ৰ কথা ত’ত টানি

কেতিয়াবা কৈ পেলাওঁ দুয়ো

নিজাকৈ বেলেগ ঘৰত থকাৰ কথা

কথাৰ কটাকটিৰ ভিৰত এনে কথা যেন

ভাতৰ লগত পানীখোৱা


এদিন দুয়োৰেযে আছুতীয়াকৈ দুটা স্থায়ীঘৰ হ’ব

এই কথা মনলৈ আহিলে

তোমাৰ বাৰু কেনে লাগে সোণমানু ?

           

Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages