সপোন
নন্দন কলিতা
মঙলদৈ, দৰং
সপোন আহে আৰু যায়
দুখে নিঠৰুৱা কৰা হৃদয়ত
তোমাৰ ছবিটি ভাহি আহে
নিথৰ নিথৰ আজি প্ৰতিপল,,,
হিয়া ধাকুৰি কান্দিব মন গৈছে
বৰ আশাত আহিছিলোঁ
তোমাক নিৰলে কাষত পাবলে
তোমাৰ কথাই ভাবি আছো।
বহুত মনত পৰিছে।
চেষ্টা কৰিও টোপনি আনিব পৰা নাই।
মই বুজিছো
তোমাৰ কষ্টও হৈছে বহুত।
সচাই কৈছোঁ
মোৰ কোনো অভিযোগ নাই
তোমাৰ ওচৰত
আৰু কোনোদিন নকৰোও।
মাত্ৰ সময় খিনি পাৰ কৰি আছো
আজি মোৰ টোপনিও অহা নাই।
বহুত চেষ্টা কৰিছোঁ
তথাপি নাহে হে নাহে
বেছি আশা কৰিলে মোৰ
প্ৰায়ে এনেকুৱা হয়।
একো নাই দিয়া
মই সকলো সহিব পাৰিম
চেষ্টা কৰিম
দুখবোৰ পাতলাবলৈ
গড়লপিয়া নীলকণ্ঠ হ'বলৈ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment