আঘোণ
ৰিজু মণি বৰা
নগাঁও
তই অহা বাটৰ ঠিকনা পালে
অজলা খেতিয়কৰ বুকুত
বৰণীয়া সপোনে গজাঁলী মেলে
দাৱনীৰ ওঁঠত এমুকোৰা হাঁহি জিলিকি উঠে!
সোণগুটিৰ থোকত উদ্ভাসিত হয়
খেতিয়কৰ আকাংক্ষাৰ জোনাক
মধুৰ হৈ পৰে জীৱন জীয়াৰ অভীপ্সাৰ সোঁত।
তোৰ পৰশত অজলা খেতিয়কৰ
উশাহবোৰ হৈ পৰে অম্লান,
হা-হুমুনিয়াহৰ আৱৰণ খুলি
পিন্ধি লয় প্ৰাপ্তিৰ এযোৰ পোছাক
সিঁচি দিয়ে চাৰিওফালে
পকা ধানৰ সুৱাসৰ নিৰ্মল জোনাক।
তই যেন খেতিয়কৰ বুকুলৈ বাঢ়ি অহা
এটা প্ৰেমৰ কবিতা
কবিতাৰ ছন্দে ছন্দে লিপিবদ্ধ হয়
জীৱন জীয়াৰ উমাল হেপাঁহ
তই অহাৰ বতৰা পালে
খেতিয়কৰ হৃদয়ত
কঙাল আতৰি ভৰি পৰে ভোগালী এডৰা
তই যেন সেউজীয়াৰ পৰা সোণালী হোৱাৰ
এক অবিৰত যাত্ৰা…
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment