মৃত্যু
ভাৰতী বৰদলৈ
গুৱাহাটী
মৃত্যু যেন মোৰ জীৱনৰ এক যন্ত্ৰনা
যি যন্ত্ৰনাই জীয়াই থকাৰ সপোনবোৰৰ মাজত মাজে - মাজে ৰিঙিয়াই ।
ৰিঙিয়াই চোন নিসংগতাৰ মাজেৰে
আকৌ ৰিঙিয়াই বীভৎসতাৰ মাজেৰে ।
মৃত্যু তই আজি নাহিবি চোন
মোৰ সপোনৰ দলিচাত আৰু এপাহি কামিনী কাঞ্চনৰ স্পৰ্শ
পৰিবলৈ দে।
মই এদিন নিজেই আহিম দে মোৰ জীৱনৰ আবেলি পৰত।
তোৰ লগত বহ্নি শিখাৰ মাজত উমলিম আৰু চিৰদিনৰ বাবে মেলানি মাগিম ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment