মাটি চাকি
আশা বৰা মন
মাটি চাকিৰ পোহৰে পোহৰ নিবিলাই অ
পোহৰৰ উৎসৱ পাতে
বাটেঘাটে, ঘৰেবাহিৰে, মন মগজুৱে
কেৱল পোহৰৰ উৎসব
ৰাতিপুৱাটো পোহৰ পোহৰ গোন্ধাই
বেজেৰুৱা কলঙত উটিভাঁহি আহে লানি নিচিগা
পৰুৱাৰ দল
দুয়োপাৰে ভক্তৰ স্নান
নিশাৰ আন্ধাৰ নেওচি নামি আহে এটি তৰা
নাম তাৰ পপীয়া
শান্তি আৰু জীৱনৰ গান বিচাৰি
আজিও সৰি পৰে বুকুলৈ পোনায়
এই পোহৰ আমাৰ পোহৰ
এই গান আমাৰ গান
এই শক্তি আমাৰ শক্তি
এই বিশ্বাস আমাৰ বিশ্বাস
এই মৰম আমাৰ মৰম
গৈ আছিলোঁ যদিও ৰৈ দিব লগা হ’ল
দুভৰিত ৰঘুমলাৰ পাক
এৰাবাৰী এখনে ৰিঙিয়াই মাতে
দুহাতৰ বাঙ্ময় শব্দবোৰে নিচিনে
ভাৰ্চুৱেল জগতৰ সাধুকথা
ওৰণিৰ তলৰ মুখ
যেন শতিকাযোৰা আৰাধনা ৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment