ভ্ৰমান্ধ
অংকুৰিতা ফুকন
ভাগৰ মৰক বুলিয়েই জাপ দিওঁ
ভাৱৰ সাগৰখনত
জগতক দেখুৱাই খোজ দিওঁ
ফুকলীয়া ফুলে ফুৰ্ফুৰীয়া গোন্ধ এৰা বাটত
কল্পনাৰ চালত ওলমি থকা
পানী-কোমোৰা ধিয়াই
ভ্ৰমৰ নাড়ীত কিমান শুকনি বাকিম
মোট সলালেই থিত দিবহি পাতেগজা সময়
চকুৰ সমুখতে এদিন
আমি ভ্ৰমান্ধ বাবেই
সাগৰৰ পানীৰে পিয়াহ পুৰাব খোজোঁ
নহ'লেনো পাছ-চোতালৰ নাদ এটা খন্দা
কিমান ডাঙৰ কথা …?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment