নিয়তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 31, 2024

নিয়তি

 


নিয়তি


স্বপ্নশিখা চুতীয়া

গোগামুখ, ধেমাজি


      কালিলৈ বিয়া। উখল মাখল ৰভাতলী। জোৰোণ আহিব বুলি সকলোৱে মাথোঁ পদূলি মুখলৈ আগ্ৰহেৰে বাট চাই আছিল। নিয়তিৰ দেউতাকে দৰা ঘৰৰ মানুহলৈ ফোন কৰি কৰি ভাগৰি পৰিছিল। শেষত খবৰ পালে যৌতুকত এখন দামী গাড়ী উপহাৰ দিম কোৱাত একে গাঁৱৰে বেলেগ এজনী ছোৱালীক জোৰোণ পিন্ধাই দৰা ঘৰলৈ উভতি গ'ল। নিয়তি লগে লগে মাটিত ঢলি পৰিল। দুবছৰ ধৰি ভালপাই থকা বিকাশে এখন গাড়ীৰ বাবেই নিয়তিক প্ৰতাৰণা কৰিলে। তেন্তে মানৱতাৰ বাৰু আজিৰ যুগত কিবা মূল্য আছেনে ?


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages