সেন্দূৰ
শৰৎ হাজৰিকা
গোলাঘাট
সেন্দূৰকণ কপাল আৰু শিৰলৈ আনি ধৰিত্ৰী ৰৈ গ’ল। আজি তাইৰ বাৰু কি হ’ল ? উকা কপালখনত সেন্দূৰ লগাবলৈ তেওঁৰ অন্তৰৰ দেৱতাজন যে সৌ আকাশৰ তৰা হোৱা দুমাহ হ’ল। আজি দুমাহে তাই শিৰত সেন্দূৰ অঁকাই নাই। আজিনো তাই ভাবিবই নোৱাৰিলে। তাৰ মানে প্ৰিয়জনৰ স্মৃতিয়ে তাইক দংশন কৰিছে। কৰিবই। তাইৰ মগজুত এষাৰ বাক্যই টোকৰ মাৰিলে- কপালত অকণমান ডাঙৰকৈ সেন্দূৰ ফোঁটটি লৈ থাকিবা। ভাল লাগে তোমাক। কথাষাৰ কাণত বাজি থকা যেন লাগে। আৰু সেয়ে নেকি অৱচেতন মনে তাইক তাকে কৰিবলৈ ক’লে।
কিন্তু বাস্তৱত সেন্দূৰকণ আঁকি ল’ব নোৱাৰে ধৰিত্ৰীয়ে। দেৱতাশূণ্য কপালত সেন্দূৰৰ মূল্য নাই। ই যে সমাজব্যৱস্থাৰ পৰিপন্থী। কথাবোৰৰ মাজতে নিগৰি অহা দুটোপাল চকুপানীয়ে ধৰিত্ৰীক বিহবলা কৰি তুলিলে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment