শীত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

শীত



 শীত


           লক্ষী প্ৰসাদ ৰেগন


এইবেলি শীতৰ প্ৰচণ্ড কোব

মোৰ দৰে গাৰ ছাল শোটোৰা পৰা মানুহৰ অৱস্থা

ভাল বুলিব নোৱাৰি


মাখন ৰঙৰ হাত দীঘল ঊণ সূতাৰ ছুৱেটাৰটোৰ

অৱস্থা মোতকৈ

আৰু এখোপ চৰা


বপুৰাই দিন মাহ লেখেৰে চালে

বহুত সকাহ দিলে মোক। মিছা ক'লে পাপে চুব


অৱশ্যে এই বয়সত সামান্য মানেই বহুত

এৰা, মন তৰুণ হ'লে কি হ'ব

চকুৰ দৃষ্টি আৰু দেহৰ বলে যদি গা এৰা দিয়ে


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages