শান্তিৰ আলয়ত এজাক পক্ষী
দীপ্তি ঠাকুৰ গোস্বামী
নগৰ হাভেলি আৰু দমন
আজি এটা সুন্দৰ দিনৰ মধুৰ চিত্ৰই মোক মুগ্ধ কৰিলে। বহু সময় তন্ময় হৈ ভাব সাগৰত ডুবি আছিলোঁ। কংক্রিট সপোন পুৰী মহানগৰৰ অট্টালিকাৰ মাজত সোমাই থকা বাংগালুৰুৰ বিভূতিপুৰ (Vibhutipure) সৰোবৰৰ কাষত থিয় হোৱাৰ লগে লগেই এছাটি কোমল সমীৰণে চুই গ'ল। সেউজীয়া গছবোৰৰ মাজে মাজে পাৰ হৈ যোৱা ৰিব ৰিক্ মলয়াই মোৰ কৰ্ণ কুৰত মধুৰ গীতৰ সুৰৰ মূৰ্চ্ছনাৰে মোৰ হিয়াৰ মাজত আনন্দৰ গীত জুৰিলে। সৰোবৰৰ সৌন্দৰ্য উপভোগ কৰাৰ উদ্দেশ্যেৰে সাজি উলিওৱা সুন্দৰ ৰাস্তাটোৰ কাষতে থিয় হৈ মই দূৰ দিগন্তলৈ চাই পঠিয়ালোঁ। হেঁপাহ পলুৱাই মই উপভোগ কৰিলোঁ। সৰোবৰৰ মাজত থকা টিলাকেইটাৰ সেউজীয়া গছকেইজোপাৰ সৌন্দৰ্য হয়তো তাতেই লুকাই আছে সিহঁতৰ ৰঙীন সপোনবোৰ। মোৰ মনৰ মাজত সিহঁতৰ ৰঙীন সপোনবোৰ শান্তিৰ ফল্গু হৈ অগা-দেৱা কৰিছিল। সেই সময়ত নীৰৱতা ভেদ কৰি কিচিৰ-মিচিৰ শব্দৰে মোৰ মূৰৰ ওপৰেদি নীল আকাশৰ তলেৰে নীড়মুখী চৰাইজাক শান্তিৰ আলয়লৈ উৰা মাৰিছিল। সূর্যই দিনটো পোহৰেৰে উজলাই তোলা মধুৰ ক্ষণবোৰৰপৰা বিদায় লোৱাৰ সময়ত এটা মিচিকি হাঁহিৰে আন্ধাৰ নমাই যোৱা আগমুহূৰ্তত সুবিশাল সৰোবৰৰ ওপৰত মনোমোহা সৌন্দৰ্যৰ মায়াবী ৰূপে মোৰ হৃদয় স্পৰ্শ কৰিছিল। এনে লাগিছিল বিদায় লোৱাৰ শেষ সময়ত সূৰুযে যেন সৰোবৰৰ পানীৰ ওপৰত ৰঙৰহে মেলা পাতিছিল। চিন্তাৰ তৰঙ্গমালাৰ মাজে মাজে অতীতৰ স্মৃতিত মই বেদনা বিভোৰ হোৱাৰ সময়ত এখন করুণ চিত্রই ডোলা দি গ'ল। প্ৰখৰ ৰ'দত যেতিয়া ৰাস্তাৰ কাষত গছৰ মুঢ়াবোৰে উচুপি থাকে, চৰাইৰ আশ্ৰয় স্থল সুন্দৰ ঘৰখন যেতিয়া ধ্বংসস্তুপত পৰিণত হৈ যায়, বিশ্ৰামৰ আশ্ৰয়ৰ স্থান সেউজীয়া ডাল-পাতবোৰ নেদেখি দুখৰ বন্যা বোৱাই উৰি যায় মনৰ দুখত নতুন আশ্রয় স্থল বিচাৰি কেতিয়াবা মানুহে আনন্দৰ বাবেই ফটকা ফুটাই যেতিয়া আকাশখন খুঁৱলী-কুঁৱলী কৰে তেতিয়া সিহঁতৰ শান্তি মনেৰে বিশ্রাম লৈ থকা চৰাইজাক ভয়ত বিহ্বল হৈ উৰিবলৈ ধৰে। সেই দৃশ্যই প্রকৃতিপ্রেমীসকলৰ হৃদয়ত বৰকৈ আঘাত দিয়ে। জীৱ শ্রেষ্ঠ মানৱ হৈ আমি কণমানি চৰাইজাকৰ কথা ভাবিব পাৰোঁ নেকি? মোৰ হৃদয়ত ৰু-ৰুৱাই বৈ থকা বতাহজাক শান্তিৰ মলয়া হৈ বৈ গ'ল যেতিয়া সৰোবৰৰ মাজত থকা সেই চিৰস্থায়ী সিহঁতৰ আশ্রয়স্থলখন দেখি। মোৰ এনে লাগিল সুখৰ আলয়তত যেন পখীৰ কাকলিত কিচিৰ-মিচিৰ শব্দৰে মনৰ ভাব প্রকাশ কৰিছে আৰু সেই মধুৰ শব্দ ধ্বনি আনন্দৰ স্রোতস্বিনী হৈ বৈ গৈছে সৰোবৰৰ নিৰ্মল পানীৰ সোঁতে সোঁতে। মই দেখিছিলোঁ সৰোবৰৰ বিপৰীত দিশে থকা মেটেকাৰে পৰিপূৰ্ণ জলাশয়ত বগা বগা বগলীবোৰে আহাৰৰ সন্ধানত বিভোৰ হৈ থকা মিঠা ছবিখন। পার্কত বহি সৌন্দর্যপিপাসু মনটো উৰি যোৱাৰ লগে লগেই শোভাবর্দ্ধন কৰি থকা বাগিচাখনৰ প্রস্ফুটিত, অৰ্দ্ধ প্রস্ফুটিত ফুলবোৰ দেখি মনটো আনন্দৰে ভৰি পৰিল। মুখে-দুখে বৈ থকা ব্যস্ততা ভৰা জীৱনৰ নদীখন যেন স্তব্ধ হৈ গ'ল কিছু সময়ৰ বাবে। গছৰ সেউজীয়া পাতেৰে আকৃতি দিয়া সুন্দৰ সুন্দৰ নক্সাবোৰৰ মনোমোহা দৃশ্যই মোৰ চকুত ধৰা পৰিল, সেয়া যেন চিত্ৰকৰজনৰ চিত্ৰকলাৰ এক অপূর্ব সৃষ্টি। সঁচাকৈয়ে আজিৰ ব্যস্ত পৃথিৱীৰ ব্যস্ত মানৱৰ অৱসাদ দূৰ হ'বলৈ এনেকুৱা সুন্দৰ ঠাইবোৰৰ অতি প্রয়োজন। পকা ৰাস্তাটোৰে খোজ কাঢ়ি হৈ থাকোঁতে মনতে ভাবিলোঁ চৰাই-চিৰিকটিয়েও এনেকুৱা এখন নিৰিবিলি ঠাইত বাসস্থান পাতি আনন্দ উপভোগ কৰে। মানৱ জাতিৰ পশু-পক্ষী, জীৱ-জন্তু, তৰু-তৃণ, গছ-লতাৰ প্ৰতি স্নেহ থাকিলেহে এই সুন্দৰ পৃথিৱীখন সুন্দৰ হৈ থাকিব। আমিও জীয়াই থাকিব পাৰিম সুন্দৰ পৰিৱেশত। লাহে লাহে আন্ধাৰ নামি আহিছিল, নিয়ন লাইটৰ পোহৰত উজলি নুঠা সৰোবৰৰপৰা আমি এখোেজ দুখোজকৈ আগবাঢ়ি আহিলোঁ কংক্রিট মহানগৰীৰ অট্টালিকাৰ মাজে মাজে য'ত কৃত্রিম নিয়ন লাইতে পোহৰত উজলি আছে মহানগৰীখন। প্ৰকৃতিৰ নৈসর্গিক দৃশ্যৰাজি যেন কৃত্রিম সৌন্দৰ্যৰ লগত বহুত পাৰ্থক্য। প্রকৃতিৰ সৌন্দৰ্য ৰাশিৰ মিঠা অনুভৱত মই সপোন বিভোৰ। মোৰ সুন্দৰ মনৰ মাজত বিচিত্ৰ জীৱনৰ দুখৰীয়া ছবিখন বুকুত বান্ধি স্বর্ণাভ মুহূৰ্তৰ সোণালী সপোনবোৰে চুই গ'ল। আকৌ ব্যস্ত বাস্তৱ জীৱনৰ লগত মিলি গ'লোঁ। বিদায় ল'লোঁ যদিও থাকি গ'ল সুন্দৰ ছবিখন হৃদয়ৰ নিভৃত কোণত মনৰ কেনভাচত।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment