ৰঙা মাৰুটি বল
বিমান দত্ত
মাজুলী
আদিতে কথাবোৰ বেলেগ আছিল
বেলেগ একোকে ন'লৈ ৰঙা মাৰুটি বলটো হাতত লওঁতে সময়বোৰো আমাৰ বাবে আছিল ৰঙা
সম্প্ৰীতিৰ এবুকু ৰঙা
আৰু এটা দশক ৰঙা!
ব'হাগৰ দূপৰীয়াবোৰত কিমানৰ যে মুখবোৰ আছিল ৰঙা!
বেলিটো চকুত আহি বহোতেও কিমানৰ যে হাতত পৰিছিল ৰঙা!
ৰ'দে পোৰা দেহাৰ বাবে ৰঙা আছিল ৰঙাৰ প্ৰতিষেধক
এক্সট্ৰা বাউন্স আৰু যতীনৰ সোঁ চকু ৰঙা পৰা দিনটোৱে মোকো ৰঙা কৰে সময়ে সময়ে
সেই ৰঙাক সুঁৱৰি এদিনো ৰঙা হ'ব নোৱাৰিলে এই জীৱন জানো জীৱন হ'ব পাৰে - ৰঙাই কয় ।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment