ভাললগা নে ভালপোৱা
নৱজ্যোতি কাশ্যপ
দৰং
(১)
উজাই আহে যেতিয়া আঘোণৰ
পথাৰৰ সুমথিৰা সুবাস,
ক্ষণিক সময়ৰ বাবে ৰৈ যাওঁ
মই,
কিয় জানোঁ! পৰে মনত তেতিয়া তোমালৈ
এয়া ভাললগা নে ভালপোৱা!!
(২)
পদ-পথৰ কপৌগছত ফুলি ৰোৱা
কপৌ ফুলপাহ দেখিলে
কিয় জানোঁ! পিন্ধাই দিব মন যায়
তোমাৰ নেঘেৰী ঘোপাত,
এয়া ভাললগা নে ভালপোৱা!!
(৩)
ৰিণিকি ৰিণিকি বাজি উঠে যেতিয়া
নৈ-যুঁৱলিত এক মৃদু সুৰ,
কিয় জানোঁ! তেতিয়া মোৰ মনত পৰে
তোমাৰ দুভৰিৰ পায়েলত বাজি উঠা
ৰুণজুন ৰুণজুন ধ্বনিলৈ,
এয়া ভাললগা নে ভালপোৱা!!
(৪)
হিম চেঁচা শীতৰ কুঁৱলীজাক ফালি
ওলাই আহে যেতিয়া কোমল ৰ'দ,
কিয় জানোঁ! সেই ৰ'দজাক একেলগে
তোমাৰ সৈতে পুৱাবলৈ মন যায়,
এয়া ভাললগা নে ভালপোৱা!!
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment