প্ৰেমালিঙ্গন
স্বপ্নশিখা চুতীয়া
ধেমাজি
জোনাক
মই নকৈ প্ৰেমত পৰিছো তোমাৰ
আউসীৰ তমসা ৰাতি
ভাৱনাৰ সাগৰত ডুবি
আবেগৰ লহৰত
চাকনৈয়াৰ প্ৰহাৰত
উটি যাও বহুদূৰ
দিকবিদিক হেৰুৱাই
তথাপি মই ভাগৰি পৰা নাই
আশাবোৰ সমাধিস্থ কৰা নাই।।
শুনিছোঁ
দুখ সুখ জৰা মৃত্যুৰ পম খেদি
ভোগ বিলাস ঐশ্বৰ্য সকলো ত্যজি
বুদ্ধদেৱ এদিন গৈছিল ওলাই
এক শ্বাশ্বত সত্যৰ পম খেদি।।
ময়ো এদিন ওলাই যাম জোনাক
মোৰ ভগা পজাত দাঙ দি
হাতত সাৰে ভৰিত সাৰে
সকলোৰে অজ্ঞাতে
জিলমিল জোনালী ৰাতি
মাথোঁ তোমাকেই বিচাৰি।।
তুমি আহিবা ধিৰে ধিৰে ধৰালৈ নামি
তোমাৰ জোৎস্নাৰ শীতল হাতেৰে
মোক লবাহি সাৱতি
আলিংগনত মগ্ন হ'ম ওৰেটো ৰাতি
তোমাৰ বুকুত মুখ গুজি
আমাৰ অবৈধ মিলনৰ স্বাক্ষৰত
জন্ম হ'ব এক
জোনালী কবিতা
তোমাৰ দৰেই মৰম শীতল।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment