মোৰ দেশ মহান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

মোৰ দেশ মহান

 

মোৰ দেশ মহান


                        সৰিফুল আলম

                       মায়ং, মৰিগাঁও


কৰিছোঁ তোমাক সহ‌স্ৰ প্ৰণাম 

মোৰ দেশ তুমি মহান

ভাল পাওঁ অজস্ৰ তোমাক

মোৰ দেশ তুমি মহান।

শ‌ইচ -সেউজীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা

দেশ মোৰ অতীজৰে পৰা

জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে

বাস কৰো আমি ‌এক সমিল মিলে।

পাহাৰে ভৈয়ামে মোহিত কৰে

বিভিন্ন সংস্কৃতিয়ে।

ভাল পাওঁ অজস্ৰ তোমাক

মোৰ দেশ তুমি মহান।

আকাশে বতাহে উৰিছে আজি

তোমাৰেই জয়ধ্বনি।

তোমাৰ বুকুতেই ললোহি জনম

তোমাৰ হকেই সে‌ৱা  আগবঢ়াম আজীৱন। 

যাম আমি আগুৱাই যাম 

দেশৰ হকে আগবঢ়ি যাম।

নকৰোঁ আজি আমি কুণ্ঠা‌বোধ 

দেশৰ হকে প্ৰাণ দিবলৈ।

গৌৰাম্বিত আৰু উচ্ছস্বৰে আজি কম

মোৰ দেশ তুমি মহান।

ভাল পাওঁ অজস্ৰ তোমাক

কৰিছোঁ সহস্ৰ প্ৰণাম তোমাক

মোৰ দেশ মহান।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages