বিশ্বাস
সংগীতা ডেকা
ৰঙিয়া
আশাৰ মাজত বাঢ়ি যায়
অপেক্ষাৰত হাবিয়াসবোৰৰ ,
ৰ'দৰ দেশলৈ বুলি
আগুৱাই যোৱাৰ আকাংক্ষাবোৰ....
দেখিছোঁ মই,
এন্ধাৰ বৰণীয়া পুৰণি ছবিবোৰে
অংকণ কৰা
নিষ্পাপ কোমল সপোনবোৰক,
টানি আজুৰি জীয়াই থকাৰ "শৈলবন্ধনক"....
নাজানো সেই সময় কিমান দীঘলীয়া
নে আৰু কিছু ক্ষণ হে বাকী
পোহৰৰ ওৰণি মেলিবলৈ !
কিন্তু, আশা আজিও জীয়াই আছে
চকু মুদা নাই.....!
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment