ৰাধা আৰু অষ্টসখী
চিত্ৰলেখা মহন্ত
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰদ্বাৰা পূজিত দেৱীসকলৰ ভিতৰত ৰাধা অন্যতম। হিন্দু ধৰ্মৰ লোকসকলে পূজা-অৰ্চনা কৰা দেৱীসৱৰ ভিতৰত ৰাধা আটাইতকৈ জনপ্ৰিয় দেৱী। ৰাধা ভগৱান শ্ৰীকৃষ্ণৰ আজীৱন লগৰী, প্ৰেমিকা। ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত ৰাধা সৰ্বশ্ৰেষ্ঠা। ৰাধাক প্ৰেম, কৰুণা, ভক্তি আৰু কোমলতাৰ দেৱীৰূপে অভিহিত কৰা হয় আৰু সেইৰূপতে তেওঁক পূজা কৰা হয়। ৰাধাৰ পিতৃ বৃষভানু আৰু মাতৃৰ নাম কীৰ্তিদা।ৰাধাৰ জন্ম হৈছি বাৰাসনাত। ভাদ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিৰ দিনা ৰাধাৰ জন্ম হৈছিল।
বৃষভানু বা ব্ৰুশভানু ভাৰতীয় পুৰাণ অনুসৰি এজন বিশিষ্ট যাদৱ নেতা। পদ্মপুৰাণ অনুসৰি বৃষভানু বাৰাসনাৰ গো পালকসকলৰ ৰজা আছিল। তেওঁ দহ লাখ গো - ধনৰ গৰাকী আছিল। পূৰ্বতে বৃষভানু ৰজা সুচন্দ্ৰ নাম পৰিচিত আছিল। ৰজা সুচন্দ্ৰক ব্ৰহ্মাই বৰ দিছিল যে, দ্বাপৰ যুগত যেতিয়া লক্ষ্মীদেৱী ৰাধা হৈ অৱতাৰ হ'ব তেতিয়া তুমি ৰাধাৰ পিতৃ হ'বা।
ৰজা সুচন্দ্ৰই প্ৰজাপতি দক্ষৰ নাতিনী কলাৱতীক বিয়া কৰাইছিল। কলাৱতীৰ লগত সাংসাৰিক জীৱন সুখৰ নোহোৱা বাবে ৰজা সুচন্দ্ৰই ঘৰ- সংসাৰ ত্যাগ কৰি ঋষি অগ্যস্তৰ আশ্ৰমলৈ গুচি যায়। স্বামীৰ লগত বিচ্ছেদ হোৱাৰ পাছত কলাৱতী কান্দি -কাটি অস্থিৰ হৈ পৰে। তেতিয়া ব্ৰহ্মাই ৰজা সুচন্দ্ৰৰ মূৰ্তি এটা বনাই দিয়ে আৰু বৰদান কৰে যে, তেওঁ পৰৱৰ্ত্তী জীৱনত ৰজা সুচন্দ্ৰৰ লগত পুনৰ জনম পাব।ৰজা সুচন্দ্ৰই বৃষভানু আৰু কলাৱতীয়ে কীৰ্তিদা নামে জন্মগ্ৰহণ কৰিব। লক্ষ্মীদেৱীয়ে সেই সময়ত ৰাধাৰূপে জন্মগ্রহণ কৰিব আৰু তেওঁলোক দুয়োজনেই ৰাধাক নিজ কন্যাৰূপে লাভ কৰিব। ৰাধাৰ পিতৃ- মাতৃ হিচাপে পৰিচিত হ'ব।
পৰৱৰ্তী জনমত ব্ৰহ্মাৰ বৰ অনুসৰি ৰজা সুচন্দ্ৰ ব্ৰজ দেশৰ ৰজা বৃষভানু হৈ দ্বাপৰ যুগত জন্ম লাভ কৰে আৰু কলাৱতী কীৰ্তিদাৰূপে জনম লয়। দেৱী লক্ষ্মী তেওঁলোকৰ কন্যা ৰাধা হিচাপে জন্ম গ্ৰহণ কৰে।
ৰাধাৰ জন্ম সম্বন্ধে শুনিবলৈ পোৱা কিংবদন্তি সমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কিংবদন্তিটো এনেদৰে পোৱা যায় - ৰজা বৃষভানুয়েহেনো এদিন পুখুৰীত গা ধুবলৈ যাওঁতে এপাহ পদুম ফুলৰ ওপৰত এটি শিশু দেখি ঘৰলৈ লৈ আনে। শিশুটি কন্যা শিশু আছিল। এই কন্যা শিশুটিৰ নামকৰণ কৰিছিল ৰাধা বুলি, আৰু এই ৰাধাই বৃষভানু আৰু কীৰ্তিদাৰ সন্তান।
অন্য এটি প্ৰচলিত প্ৰবাদ অনুসৰি ৰজা বৃষভানুয়ে যমুনা নদীত ভাসমান পদুম ফুলৰ ওপৰত উজ্জ্বল জ্যোতিৰে জিলিকি থকা এটি কন্যা শিশুক দেখা পাইছিল। কন্যা শিশুটি তেওঁ ঘৰলৈ লৈ আনে আৰু এই শিশুটিকেই ৰাধা নামে জনা যায়। কথিত আছে যে - এই কন্যা শিশুটিয়ে চকু মেলাই নাছিল, যেতিয়ালৈকে কৃষ্ণ শিশুৰূপে তেওঁৰ ওচৰলৈ অহা নাছিল।
ব্ৰহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে কৃষ্ণৰ বাওঁফালৰ পৰা ৰাধাৰ সৃষ্টি হৈছিল।আৰু এই ৰাধায়েই দ্বাপৰ যুগত বৃষভানুৰ জীয়ৰীৰূপে জন্মগ্ৰহণ কৰে। ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আবিৰ্ভাৱ হোৱা বুলি কোৱ হয়। অৱশ্যে কিছু গ্ৰন্থত আকৌ লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে। সংস্কৃত শব্দ ৰাধাৰ অৰ্থ হৈছে ভাগ্যৱান, সফল।
চৈতন্য চৰিতামৃতৰ মতে ঋষি দুৰ্বাসাই ৰাধাক এই বুলি আৰ্শীবাদ দিছিল যে, তেওঁ যিয়েই নাৰান্ধক কিয়, সেইয়া অমৃতত কৈ উত্তম হ'ব।
ৰাধাৰ শৈশৱ আৰু যৌৱনৰ অবিচ্ছেদ্য অংগ আছিল অষ্টসখী। সমস্ত অষ্টসখীয়েই ৰাধা আৰু কৃষ্ণৰ অন্তৰঙ্গ বন্ধু আছিল। ৰাধা - কৃষ্ণৰ ৰাসলীলাৰ সময়ত যি আঠগৰাকী সখী দেখিবলৈ পোৱা যায় তেওঁলোকেই অষ্টসখী। ইয়াৰ বাহিৰেও ৰাধা- কৃষ্ণৰ বাওঁহাতে চাৰিগৰাকী আৰু সোঁহাতে চাৰিগৰাকী সখী দেখিবলৈ পোৱা যায়। এওঁলোকেই অষ্টসখী। এই অষ্টসখীসকলৰ নাম যথাক্ৰমে-- ললিত, বিশাখা, সুচিত্ৰা, চম্পকলতা, ৰঙ্গদেৱী, সুদেৱী, তুঙ্গবিদ্যা আৰু ইন্দুৰেখা। এই অষ্টসখীসকলৰ ভিতৰত ললিতা আৰু বিশাখা শ্ৰেষ্ঠ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment