মিচিং সমাজত পৗকাঃ/পৗগাঃমৗন্‌নাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 1, 2024

মিচিং সমাজত পৗকাঃ/পৗগাঃমৗন্‌নাম

 

মিচিং সমাজত পৗকাঃ/পৗগাঃমৗন্‌নাম


তুলসীৰাম পাংগিং


    মানুহে পৃথিৱীত জন্মগ্রহণ কৰা মানে এদিন মৃত্যু হোৱাতো নিশ্চিত। কিন্তু কাৰ কেতিয়া ক'ত কেনেকৈ মৃত্যু হ'ব এই বিষয়ে বিধাতাৰ বাহিৰে নিজে কোৱা টান। মানুহৰ মৃত্যুৰ কাৰণ কেইবা প্ৰকাৰৰ হ'ব পাৰে। বিভিন্ন ৰোগত আক্রান্ত হৈ অকাল বা আধা বয়সতে মানুহৰ মৃত্যু হ'ব পাৰে অথবা বার্ধক্যজনিত কাৰণতো মৃত্যুক সাবটি ল'ব লগাত পৰে। দ্বিতীয়টোক স্বাভাবিক মৃত্যু বুলি কোৱা হয়। আন কিছু লোকৰ ডেকাকালত দুৰ্ঘটনাত পৰিও মৃত্যু হ'ব পাৰে। তেনে অকাল মৃত্যুক মিচিং ভাষাত তালী পিয়াং (আকস্মিক মৃত্যু) বুলি মৃতকক চাংঘৰত নুঠাই মিচিং সমাজৰ পৰম্পৰা মানি মৰিশালিলৈ নি গাঁত খান্দি পোতা হয়। মৃতকক মৰিশালিত পোতাৰ ছমাহ বা এবছৰৰ মূৰত ৰাতি মিবু দাগ্‌গ্নাম কৰি পিছদিনা মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে হাবি জংঘলত পূজা কৰি বীৰতী দবুৰ আৰু তাপা তাঃনাম বা বাহিৰা সকাম কৰা হয়। পত্নীৰ গৰ্ভবতী অৱস্থাত যদি পতিৰ দুৰ্ঘটনাত মৃত্যু হয় অথবা গৰ্ভৱতী অৱস্থাত পত্নীৰ মৃত্যু হ'লে মৃতকক ঘৰৰ চোতাললৈ আনি মিচিং সমাজৰ প্ৰচলিত নীতি-নিয়ম পালন কৰি শৱটো ৰাজহুৱা মৰিশালিলৈ নি মাটিত গাঁত খান্দি ৰাজহুৱাভাৱে পোতা হয়। এনে ক্ষেত্রত পতিয়ে হওক বা গৰ্ভৱতী পত্নীয়েই হওক যিজনে জীৱিত অবস্থাত থাকে সেইদিনা গধূলি সময়ত পীকাঃ/পৗগাঃ মীনাম পৰম্পৰা পালন কৰে। জনবিশ্বাস মতে, দুর্ঘটনাত মৃত্যু হোৱা মৃতকৰ প্রেতাত্মা জীয়াই থকা পতি বা গৰ্ভৱতী পত্নীৰ গৰ্ভত থকা কেঁচুৱাক আক্রমণ কৰি বিকলাংগ কৰিব পাৰে। সেয়ে গধূলি সময়ত গাঁৱৰ প্ৰত্যেক ঘৰৰ মানুহে প্রায় আধা ঘণ্টামান টিন বজাই মৃতকৰ প্রেতাত্মাক গাঁৱৰ বাহিৰলৈ খেদি পঠিয়ায়।


অন্ধ বিশ্বাস আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি অতীজৰেপৰাই পাকাঃ/পীগাঃ মীন্নাম পৰম্পৰা মিচিং সমাজত প্রচলিত হৈ আছে, যিটো অতি ভয় লগা। সেই সময়ছোৱাত আধা ঘণ্টাৰ বাবে গাঁৱৰ বাস্তা জনশূন্য হৈ পৰে। ইয়াক কেনেকৈ পালন কৰা হয, এই বিষয়ে বর্ণনা কৰাৰ প্ৰয়াস কৰিলোঁ। এই পৰম্পৰা মিচিং সমাজত বহু ঠাইত আগৰেপৰাই প্রচলিত আছিল আৰু এতিয়াও কিছুমান গাঁৱত পালন কৰি আছে। আন কিছু ঠাইত এই পীকাঃ/পীগাঃ মীনামৰ দৰে আতংময় আৰু বেদনাদায়ক পৰম্পৰা হয়তো বৰ্জন কৰাও দেখা যায়।


পীকাঃ/পীগাঃ মীন্নাম শব্দৰ প্ৰকৃত অর্থ মিচিং জনগোষ্ঠীৰ বিখ্যাত ভাষাবিদ আৰু শিক্ষাবিদ প্রয়াত টাবুৰাম টাইদ মহোদয়ে লিখা 'মিচিং শব্দকোষ'তো বিচাৰি পোৱা নগ'ল। অতীজৰেপৰা মিচিং সমাজত চলি অহা কিংবদন্তি মতে পত্নীৰ গৰ্ভৱতী অৱস্থাত দুর্ঘটনাত তেওঁৰ পতিৰ অকাল মৃত্যু হ'লে পতিৰ প্রেতাত্মাই পত্নীৰ গৰ্ভত থকা কেঁচুৱাক আক্ৰমণ কৰাৰ পৰা বচাবলৈ বা কেঁচুৱা বিকলাংগ নহ'বৰ বাবে দিনে-পৰে মৃতকক ৰাজহুৱা মৰিশালিত সংকাৰ কৰাৰ পিছত একে দিনাখনে গধূলি সময়ত গর্ভবতী মানুহগৰাকীক নদীত নি পানীত ডুব মাৰিবলৈ দিয়া হয়। নদীত গা ধুবলৈ নিয়াৰ আগতে গাঁৱৰ প্ৰতি ঘৰৰ মানুহে তেওঁলোকৰ ঘৰৰ চাঙত লগোৱা বানেৰ (ঘৰৰ চাংতলত লগোৱা গোটা বাঁহৰ চুঙা) আৰু ভঁৰালৰ বানেৰ চুঙাবোৰত ধানৰ খেৰেৰে সোপা দি বন্ধ কৰি থয়। আনকি ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা পানীৰ কলহ আৰু যিকোনো খালী পাত্ৰৰ মুখ পাত্ৰৰে ঢাকি ৰখা হয়। ইয়াৰ কাৰণটো হ'ল টিন বজাই দিলে যিকোনো সুৰুঙা থকা জেগাত মৃতকৰ প্রেতাত্মা লুকাই থাকিব পাৰে বুলি ৰাইজৰ মনত অন্ধবিশ্বাস আছে। গাঁৱৰপৰা টিন বজাই প্রেতাত্মাক গাঁৱৰ বাহিৰলৈ খেদাৰ আগতে পথাৰত গৰু-ম'হ ৰখা গুৱাল আৰু খেতিয়ক, সকলোৱে বেলি ডুব যোৱাৰ আগতে নিজৰ ঘৰলৈ আহি ভিতৰত সোমাই থাকে। সেইদিনা গধূলিৰপৰা পিছদিনা ৰাতিপুৱালেকে ভয়তে গাঁৱৰ মানুহ ৰাস্তাৰে অহা-যোৱা নকৰাত গাঁৱৰ ৰাস্তাবোৰত সান্ধ্য আইন প্রণয়ন কৰাৰ দৰে জনশূন্য হৈ থাকে। ৰাতি মৃতকৰ প্রেতাত্মাই যাতে মৃতকৰ ঘৰত আক্ৰমণ কৰিব নোৱাৰে, তাৰবাবে মৃতকৰ ঘৰত পীকাঃ/পীগাঃ মীনামত অংশ গ্রহণ কৰা লোকসকলে ঘৰখনক নিৰাপত্তা দিবলৈ মৃতকৰ ঘৰৰ চোতালত খৰি-কাঠৰ টুকুৰা জ্বলাই পহৰা দিয়ে। মৃতকৰ প্রেতাত্মাক গাঁৱৰ পৰা খেদিবলৈ গাঁৱৰ ডেকা আৰু আদহীয়াসকলৰ লগতে স্থানীয় গাঁৱৰ ৰাইজে নিজ নিজ ঘৰত যাৱতীয় কাম কৰি টিন বজাবলৈ সাজু হৈ থাকে। ইয়াৰ সমান্তৰালভাৱে মৃতকৰ ঘৰতো গধূলি সময়ত তেওঁলোকৰ ঘৰৰ চোতালত কাঠ-খৰিৰে জুই জ্বলাই দুই মূৰত গাঁঠি থকা ৫/৭/৯ ডাল (বিযুৰীয়া) কেঁচা বাঁহৰ টুকুৰা জ্বলা জুইৰ তাপত গৰম কৰি ৰখা হয়। গৰ্ভৱতী মানুহগৰাকীক দুগৰাকী তিৰোতাই হাতত ধৰি ঘৰৰ ভিতৰৰ পৰা চোতাললৈ নমোৱাৰ লগে লগে জুইৰ তাপত গৰম কৰা কেঁচা বাঁহ এটুকুৰা ফট্‌কা ফুটোৱাৰ দৰে ফুটাই দিয়ে। ঠিক তেনেদৰে বাকীখিনিও ফুটুৱাই দিয়া শব্দ গাঁৱৰ ৰাইজে শুনা মাত্রে প্রত্যেকৰ ঘৰত মাৰিৰে মিঠা তেলৰ টিন বজাবলৈ ধৰে। এই সময়ছোৱাত ঘৰৰ ভিতৰত সোমাই থকা গাঁৱৰ মানুহ ভয়তে আতংকত ভুগিবলগীয়া হয়। দুজন পুরুষে হাতত দুডাল বাঁহৰ জোঁৰ লৈ গৰ্ভৱতী মহিলাগৰাকীক লগত লৈ নদীৰ ফালে আগুৱাই যায়। মানুহগৰাকীক কেইবাগৰাকী নিজৰ আপোন মহিলাই দুইফালে বেৰি নিয়ে। মানুহগৰাকীক নদীৰ পানীত ডুব মাৰিবলৈ দি দুয়োডাল জোঁৰ তেওঁৰ মূৰৰ ওপৰেদি পানীলৈ দলিয়াই দিয়া হয়। মৃতকৰ ঘৰৰ চোতালত ফুটুৱা আটাইবোৰ কেঁচা বাঁহৰ টুকুৰা নদীৰ পানীত দলিয়াই দি লগত যোৱা পুৰুষ-মহিলা সকলোৱে নদীৰ পানীত ডুব মাবি গা ধোরে। সকলো কাম সমাধা কৰাৰ পিছত লগত যোৱা ব্যক্তিসকলে গাঁৱৰ ৰাইজক চিঞৰি জনাই দিয়ে যে সকলো কাম সমাধা কৰা হ'ল; গতিকে টিন বজোৱা বন্ধ কৰিব লাগে। তেতিয়া এফালৰ পৰা ক্ৰমান্বয়ে গাঁৱৰ সকলো ৰাইজৰ ঘৰত টিন বজোৱা বন্ধ কৰি আধা ঘণ্টাৰ ভিতৰত সমাপ্ত কৰে। দুর্ভগীয়া মানুহগৰাকীক নদীৰ পাৰলৈ উঠাই ঘৰলৈ অনা হয়। মই আগতেই উল্লেখ কৰিছোঁ যে গৰ্ভৱতী মানুহগৰাকীৰ পতি দুর্ঘটনাত মৃত্যু হ'লে পীকাঃ/পৗগাঃ মীনাম কৰা হয়। ঠিক তেনেদবে গর্ভবতী পত্নী কেঁচুৱা প্ৰসৱ কৰাৰ সময়ত মৃত্যু হ'লেও তেওঁৰ পতিক একে পদ্ধতিৰে অতি নিষ্ঠুৰ, অমানৱীয় পুৰণি কলীয়া বেদনাদায়ক পীকাঃ/পৗগাঃ মীননাম পৰম্পৰা পালন কৰা প্রক্রিয়া আজি পর্যন্ত অসমৰ কিছুমান মিচিং গাঁৱত প্রচলন হৈ থকা দেখিবলৈ পোৱা যায়। শ্রদ্ধেয় মিচিং জনগোষ্ঠীৰ পাঠকসকল, পতি-পত্নীব সম্পর্ক কিমান গভীৰ, এই বিষয়ে মই বহলাই কোৱাৰ প্রয়োজন নাই। অকস্মাৎ নিজৰ পতিক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় দিবলগীয়া হ'লে যিকোনো এগৰাকীয়ে গৰ্ভত কেঁচুৱাক লৈ জীয়াই থকাটো কিমান কৰুণ আৰু বেদনাদায়ক সি সহজে অনুমেয়। এই কথাতো বর্ণনা কৰিবলৈ আৰু ভাষা নাই। মৰাজন মৰি গ'ল। পতিৰ আকস্মিক মৃত্যুত দুখুনী গর্ভবর্তী মহিলাগৰাকীক পৰোক্ষ বা প্রত্যক্ষভাৱে শাৰীৰিক আৰু মানসিকভাবেও পাকাঃ/পীগাঃ মীন্নাম পৰম্পৰা পালন কৰাই হাৰাশাস্তি কৰাটো এক নিষ্ঠুৰ পৰম্পৰা। অতীজৰ পৰম্পৰা পালন কৰিবলৈ গৈ এগৰাকী গর্ভবতী মহিলাক মনোকষ্ট দিয়াটো কম দুখৰ বিষয় নহয়। এহাল ক্রৌঞ্চ পক্ষীৰ এটিৰ বিয়োগত জীয়াই থকা ক্রৌঞ্চ পক্ষীটিৰ মর্মবেদনাৰে সিক্ত হৈ মহাকবি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। মোগল সম্রাট ছাহজাহানে মমতাজৰ মৃত্যুত প্ৰেমৰ চিহ্ন হিচাপে বিশ্ববিখ্যাত, আচৰিত আৰু সুন্দৰ তাজমহল আগ্রাত নিৰ্মাণ কৰি থৈ গ'ল। তেনেকুৱা কৰুণ বেদনা আৰু প্রেমক জীয়াই ৰখা কিমান উদাহৰণ আছে বর্ণনা কৰি শেষ কৰিব নোৱাৰি। বিশ্বাস- অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি তাহানিৰ যুগত সভ্যতাৰ পোহৰ নোপোৱা আমাৰ পূৰ্বপুৰুষসকলে পালন কৰা পীকাঃ/পৗগাঃ মীনামৰ নিচিনা পৰম্পৰাক সংস্কাৰ কৰাৰ সাহস কৰিব নোৱাৰিনে? নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা কিমান মর্মান্তিক এই কথাটো আচল ভুক্তভোগীৰ বাহিৰে সমাজেও বুজি পোৱাৰ সময় হ'ল। গৰ্ভৱতী মহিলাগৰাকী দিনে- ৰাতিয়ে চকুৰ পানীয়ে তিয়াই থকা গালখন, অন্তৰৰ বেদনা আৰু তেওঁৰ গৰ্ভত থকা কেঁচুৱাৰ ওপৰতো এনে পৰম্পৰাৰ কু-প্ৰভাৱ নিশ্চয় পৰে।


সাম্প্রতিক কালত অন্যান্য প্রান্তৰ মানুহে হিমালয়ৰ উচ্চ শিখৰত বগাবলৈ সক্ষম হ'ল। বিজ্ঞান প্রযুক্তি বিদ্যাৰ সহায়ত পৃথিৱীৰ উন্নত দেশৰ বৈজ্ঞানিকসকলে চন্দ্রত মাটি বিচাৰি অৱতৰণ কৰিছে। কিন্তু আমাৰ মিচিং সমাজ আজিও বিশ্বাস-অন্ধবিশ্বাসৰ বলি হৈ পীকাঃ/পীগাঃ মীনামৰ দৰে পৰম্পৰা পালন কৰিয়েই আছে। জীবিত পত্নীত গৰ্ভত থকা কেঁচুৱাৰ অনিষ্ট হোৱাৰ ভয়ত আৰু মৃতকৰ প্রেতাত্মাই কেঁচুৱাক আক্রমণ কৰিব পাৰে বুলি ভাবি অতীজৰ পৰম্পৰাকে খামোচ মাৰি ধৰি থকাটো কিমান যুক্তি-যুক্ততা আছে এই বিষয়ে মোৰ সাধাৰণ জ্ঞানে ঢুকি পোৱা নাই। ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ উন্নত জাতি-উপজাতিৰ লোকসকলেও দেৱ-দেৱী আৰু ভূত-প্রেতৰ আক্ৰমণৰ ভয়ত তেওঁলোকক সন্তুষ্ট কৰি ৰাখিবৰ বাবে দুর্গা পূজা আৰু কালী পূজাত ম'হ-ছাগলী, হাঁহ-পাৰ আদি বলি দিয়া প্রথা পালন কৰি থকাৰ কথা ছ'চিয়েল মেডিয়াত পঢ়িবলৈ পোৱা যায়। দুৰ্বলীৰ ওপৰত বলীৰ অত্যাচাৰ। সিংহ আৰু বাঘক ধৰি আনি দেৱ-দেৱীৰ নামত বলি দিয়াল কাৰোবাৰ সাহস আছে? গতিকে যেতিয়ালৈকে নিজৰ মনত ভয় ভাব থাকিব, এই পীকাঃ/পীগাঃ মীন্নাম পৰম্পৰা বন্ধ কৰাটো অসম্ভব। (পৃথিৱীত অসম্ভৱ বুলি আজিৰ যুগত একোৱেই নাই। গাঁৱৰ স্থানীয় দলুং কীবাং আৰু মিচিং বানে কীবাঙৰ সদস্যবর্গই মিলি পর্যালোচনা কৰি পীকাঃ/পীগাঃ মীনামৰ দৰে অতি বেদনাদায়ক পৰম্পৰাক সংস্কাৰ কৰিব নোৱাৰেনে? চিন্তা কৰাৰ সময় পাৰ হৈ গ'ল। সকলোৰে সদিচ্ছা থাকিলে আলোচনাৰ মাজেদি এই ব্যৱস্থাৰ সংস্কাৰ কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস।)


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages