বোজা
ৰূপা গগৈ
খেতিয়কৰ একমাত্ৰ পুত্ৰই চাকৰি সূত্ৰে ঘৰৰ পৰা বাহিৰত ঘৰ-সংসাৰ পাতি বাস কৰে। মাকৰ মৃত্যুৰ দহা-কাজ সম্পৰ্ণ কৰি আকৌ নিজৰ কৰ্মস্থানলৈ ঘূৰি যাবলৈ ওলোৱাৰ সময়ত সি নিজৰ খুড়ীয়েকক ক’লে– “এটা বোজা কমিল আৰু এটা কেতিয়া কমে। সোনকালে এই লেঠাটোও মৰিলে অন্তত আজৰি হ’ম। তেতিয়া ইমান চিন্তা নাই অলপ শান্তিৰে জীয়াই থাকিব পাৰিম। এইবাৰ এই মৰ কুচিয়াটো কিবা হ’লে মোলৈ ফোন কৰি খবৰ দি নাথাকিবি। একেবাৰে মৰিলেহে খবৰ দিবি। সকলো লেঠা-মাৰি ঘৰ-বাৰী বিক্ৰী কৰি দিম। কোনোদিনে গাঁৱলৈ নাহোঁ।”
তাৰ কথাখিনি শুনি খুড়ীয়েকে তাক গালত এচৰ সুধাই ক’লে - “কি কৈছ” তই ! এবাৰ ভাবি চাই চ নে হা? পঢ়ি-শুনি চাকৰি কৰি বৰ মানুহ হ’লি। ধনী ঘৰৰ ছোৱালী বিয়া কৰাই সংসাৰ কৰিলি কিন্তু তোৰ মগজটো ধনী নহ’ল, চাকৰিৰ বাবেহে পঢ়িলি কিন্তু জ্ঞানৰ বাবে নপঢ়িলি। তোক এইবোৰ কৰিবলৈ মা-দেউতাই নিজে নাখায়-নবৈ দিনৰ ৰ’দ-বৰষুণ, ধুমুহাক নেওচি দিনৰ দিনটো পথাৰত কাম কৰি পঢ়াইছিল হা ! এতিয়া ডাঙৰ হ'লি মা-দেউতাৰে তোৰ বাবে বোজাহে হ’ল নে ? তোক মা-দেউতাই নিদিয়া হ'লে এইখিনি কষ্ট নকৰা হ’লে তই আজি এইখিনি কৰিব পাৰিলেহেঁতেন নে ? মাৰে দহমান দহদিন গৰ্ভত লৈ থাকিলে, কোলাত লৈ নিচুকালে, বুকুত সাৱতি লৈ শুৱালে, বেমাৰ হ’লে ৰাতি ৰাতি টোপনি খতি কৰিলে, পিঠিত বোকোচা বান্ধি লৈ কত কাম -বন কৰি খুৱালে, তোৰ চাকৰিৰ বাবে মাৰে হাতৰ কাণৰ ডিঙিৰ গহনাও বিক্ৰী কৰিলে, সোন-ৰূপৰ অলংকাৰতকৈ লৰাৰ ভৱিষ্যৎ জীৱনৰ মূল্য বেছি আৰু ল’ৰাক মানুহ বনোৱাতো বেছি শ্ৰেষ্ঠ বুলি ভাবিছিল ! দেউতাৰে কান্ধত তুলি স্কুললৈ অনা-নিয়া কৰিলে, ল’ৰাই ভাল পিন্ধক, ভোকত নমৰক, নিজে সদায় খালী ভৰিৰে খোজ কাঢ়ি ফুৰিছিল তোক দামী জোতা কিনি দিছিল, নিজে এখন বাই চাইকেলৰ অভাৱত টলৌ টলৌ কৈ ক’ৰবালৈ যাবলৈ হ’লে খোজেৰে গৈছিল তই কলেজলৈ খোজ কাঢ়ি গ’লে কষ্ট পাবি কেতিয়াবা দেৰি হ’ব, ক্লাছ খতি হ’ব পাৰে পঢ়াত লোকচান হ’ব এইবোৰ ভাবি মটৰ চাইকেল দিছিল কিনি তোক। অভাৱ অনুভৱ নকৰক বুলি নিজেই ফটা গেঞ্জী এখন গামোচা পিন্ধিয়েই জীৱন কটাইছিল আৰু তই এতিয়া কি কৰিব লাগিছিল মা-দেউতাৰ বাবে তই কি কৰি দিলি। তই মা-দেউতাৰ সপোন আছিলি। ইমানবোৰ কৰিও তোক কোনোদিনে তেওঁলোকে বোজা বুলি ভবা নাছিল যদিও কষ্টত জীৱন কটাইছিল । কিন্তু তই এতিয়া ধনৰ ধনী ডাঙৰ মানুহ হ'লি বাবে দুখীয়া পিতৃ-মাতৃ তোৰ বাবে বোজা বুলি ক'বলৈ সংকোচ নকৰিলি। এবাৰ ভাবি নাচালি তোৰ এই কথাষাৰি দেউতাই শুনিলে মনত কিমান আঘাত পাব। মাৰেতো গম পাইয়ে গৈছে তই কেনেকুৱা ! কাৰণ ইমান দিন বেমাৰত পৰি থাকিল মেডিকেলত চিকিৎসা কৰিও দুমাহদিন থাকিলগৈ তথাপি তই এদিন খবৰ কৰিব মাৰক জীয়াই থাকোঁতে চাবলৈ নাহিলি আনকি তই ফোনত মাৰক মাত এষাৰকে যদি দিলি হয় মাৰৰ আত্মাই শান্তি পালেহেঁতেন। মৃত্যুৰ পাছত ৰাইজক দেখুৱাই দুপইচা খৰচ কৰি সকাম পাতি কি বৰ দায়িত্ব পালন কৰি পুণ্য কাম কৰিলোঁ বুলি ভাবিছ নেকি ! নালাগে তই দেউতাৰে মৰিলে আহিব তোক খবৰো নিদিওঁ শান্তিত থাক গৈ। আমিবোৰ মৰি যোৱা নাই নহয়। আমি চাম তোৰ দেউতাৰাক। দুখীয়া হ’লেও পিতৃ-মাতৃৰ দায়িত্ব পালন ঠিকেই কৰিলে কিন্তু তই সন্তান হৈ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব নোৱাৰিলি। খুড়ীয়েকে তাক কথাখিনি কৈ উচাট্ মাৰি আঁতৰি গুচি গ’ল।
খুড়ীয়েক আৰু ভতিজাকৰ মাজত হোৱা সকলো কথা দেউতাকে বেৰৰ সিপাৰে ৰৈ শুনি আছিল। তেওঁ কাকো একো ক’ব নোৱাৰি নীৰৱে চকুপানী টুকিলে। মনতে ভাবিলে বয়স হ’লে সকলো পিতৃ-মাতৃয়ে এদিন সন্তানৰ বাবে বোজা হয়গৈ নেকি !!
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment