অংকিতা বৰুৱাৰ নৱতম আৰু প্ৰথম খন উপন্যাস “অয়ণবৃণা”
দিপলীপ বৰা
নাম আৰু বেটুপাতে মোক টানিছিল উপন্যাস খনৰ অন্তর্ভাগৰ বিষয়ে জানিবলৈ। কিন্তু বিভিন্ন ব্যস্ততাৰ বাবে উপন্যাসখন আমিও নিগাজীকৈ পঢ়িবলৈ বহিব পৰা নাছিলোঁ। আৰম্ভণিতেই অনুভৱ হৈছিল ইয়াৰ কাহিনীভাগত ৰাগী আছে, শেষ নকৰালৈকে মনটোৱেও লকলকাই আছিল। যেতিয়াই সুবিধা মিলিছিল এখন্তেকৰ বাবে হ'লেও মেলি লৈছিলোঁ হাতত উপন্যাসখন।
এতিয়া আহোঁ উপন্যাসখনৰ ভিতৰছোৱালৈ। “অয়ণবৃণা” ৰ কাহিনীৰ অন্তৰ্ভাগত নাই কি। প্ৰতিটো শব্দ আৰু প্ৰতিশাৰী বাক্যই যেতিয়া হৃদয়ৰ গভীৰত গৈ ৰেখাপাত কৰে তাতেই বুজা যায় যে তেওঁ উপন্যাস খনৰ প্ৰতিটো চৰিত্ৰক কিমান কষ্ট আৰু যত্নৰে বুকুত সামৰি লৈ উপন্যাস খনত উপস্থাপন কৰিছে। অয়ণা, বিৰিণা পেহী, স্বপ্নীল, কৃষ্টি, হৰিহৰ দেউ, নৈঋত ছাৰ এই চৰিত্ৰ সমূহে খুব নিখুঁতভাবে প্ৰাণ পাই আগবাঢ়ি গৈ আছিল। বিৰিণা পেহীৰ বৈধৱ্যৰ যান্ত্ৰনাই বুকুত বিন্ধিছিল, পুৰণি সমাজখনৰ ৰক্ষণশীলতা আৰু পুৰুষৰ দমন নীতিয়ে কেনেকৈ নাৰী এগৰাকীৰ মতক নস্যাৎ কৰিছিল সেয়া জলজল পটপটকৈ স্পষ্ট হৈ পৰিছিল। বিৰিণা পেহীৰ মমত্বই সামৰি ৰাখিছিল অয়ণাক। কলেজীয়া জীৱনৰ প্ৰেম আৰু নৈঋত ছাৰৰ অয়ণাক লৈ যি দায়িত্ব সেইখিনিতো সফল উপন্যাসখন। ইয়াত অন্তর্ভুক্ত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল মানসিক স্বাস্থ্যক লৈ সদা সচেতন হোৱাটো। স্বপ্নীলৰ চিকিৎসা সেৱা আৰু অয়ণবৃণাৰ প্ৰতি স্বপ্নীলৰ বন্ধুত্বৰ যি সঁহাৰিৰ হাতখন সেইখিনিটো সাৰ্থক হৈছে উপন্যাসখন। ইয়াত পঢ়ুৱৈয়ে আমনি পাব পৰাকৈ একোৱেই নাই বৰঞ্চ ইটোৰ পিছত সিটো পৃষ্ঠা পঢিবলৈ উদ্গ্রীব হৈহে ৰৈছিলোঁ। কাহিনীটো বৰ আলফুলকৈ সামৰিছে অংকিতা বায়ে। বাস্তৱৰ লগত সামঞ্জস্য ৰাখি মুখ্য কাহিনীৰ আলমতে বাকী উপকাহিনী কেইটাও আমনিদায়ক ন'হল কোনোখিনিতেই। একলব্যৰ নিৰুদ্দেশে কিছু ক্ষেত্রেত ভবাই তুলিলে। জীৱন যুঁজত হাৰি হাৰিও সকলো সহিও জিকি যাব পৰাতেই সফল অয়ণবৃণা।বুকুৰ আটাইতকৈ আপোন বুলি ভবা মানুহৰ বিশ্বাসঘাতকতাৰে থকা-সৰকা হৈও নিৰৱে জী থাকিল অয়ণবৃণা।সকলো ৰস আছে “অয়ণবৃণা”ত। পাঠক নিৰাশ হোৱাকৈ ক’তো তিলমাত্ৰও মেদ নাই উপন্যাসখনত।
শেষত প্ৰিয় শাৰীকেইটামান লগতে গাঁঠি দিছোঁ। পঢ়ি গৈ থাকোঁতে বুকু শিপাই যোৱা শাৰীকেইটা হোৱাটছৱাপৰ ষ্টেটাছত লগাইছিলোঁ।
‘কথাৰ জুইত দগ্ধ
জীবন্ত মৃতদেহ টোৰ আঁহফালি
নিচুক কিবা এটা
জী উঠিল হঠাৎ।
কথাৰ তীব্ৰতাত হেৰাব নোৱাৰি।”
“জীৱনৰ প্ৰতিটো দিনতে আনৰ বাবে কাম কৰি যাবা। কিন্তু নিজৰ জন্মদিনটো সদায়েই বিশেষ কৰি ৰাখিবা,
তুমি তোমাক বিশেষ বুলি ভাবিবলৈ নাপাহৰিবা। কাৰণ সেই দিনটোত তুমি পৃথিৱীলৈ আহিছিলা বাবেই বাকী দিনবোৰত আনৰ হৈ কাম কৰি যাব পাৰিছা। গতিকে নিজৰ জন্মদিনৰ দিনা তুমি কেৱল তোমাৰ হৈ থাকিবা।”
“নিজেই নিজৰ বন্ধু হ’ব পৰাটোও আন এক ভাল লগা কথা।”
এনেধৰণৰ হৃদয় চুই যোৱা অনুভৱ কিছুৱে নিজলৈয়ো আৰু অকণ মোহক বেছিকৈ জীয়ন দিছে অংকিতা বা। নতুনকৈ কিতাপ কিনিম বুলি ৰৈ থকা প্ৰতিজনে “অয়ণবৃণা” ক পঢ়ি চাব পাৰে। সকলোধৰণৰ পাঠকৰ বাবেই উপন্যাসখন আৰু পঢ়ি উঠি নিজেও বিশ্বাস কৰিছোঁ যে উপন্যাসখনে কাকো নিৰাশ নকৰে।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment