ব্যস্ত চহৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

ব্যস্ত চহৰ

 

ব্যস্ত চহৰ 


                  আব্দুৰ ৰহমান প্ৰামাণিক

                 কুর্শাকাটি, কোকৰাঝাৰ


 ব্যস্ত চহৰটোৰ চুকে-কোণে ভিৰ

গলিয়ে গলিয়ে লোকে লোকাৰণ্য 

উৎকট গৰমত কপালত ঘাম 

ৰাস্তা পাৰ হওঁতেই জীৱন যায় যায়!


বস্তুৰ অগ্নি বৰাবৰ দাম ! 

কাপোৰৰ দোকান বা চেন্দেলৰ দোকান

খাৰু মালা বা খেলনাৰ দোকান সকলোতে 

প্ৰচুৰ ভিৰ, বেজী পেলোৱা ঠাই নাই।


টোটোৰ যেনিবা উৎপাত চলিছে 

টিট টিত শব্দই কাণ তলা মাৰিছে

সকলোৱে সুযোগ পাইছে ,গ্ৰাহক ঠকিছে 

দহৰ ঠাইত বিশ, বিশৰ বাবে ত্ৰিশ!


চহৰ টোৰ চুকে কোণে জাবৰেৰে ভৰা

 ভদ্ৰলোকৰ মুখত মাস্ক নাকত ৰুমাল 

বায়ু আৰু শব্দ প্ৰদূষণ চৌদিশে

পৌৰ সভাৰ না চহৰ বাসীৰ  ভ্ৰুক্ষেপ আছে।


বিহুৰ বতৰ ইদৰ বতৰ আনন্দত মতলীয়া

চহৰটোৰ একদল সুখী, 

দিন মজুৰি কৰা সকলৰ আনন্দ নাই

চহৰটোৰ এক দিশ বাকী


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages