মাজ নিশাৰ প্ৰেম
এনৰিক্স সঞ্জীৱ ৰাজ
শিৱসাগৰ
গেঁঠেলা মৰা আবেগ বোৰ
চঞ্চলা হল,
মৌনতাৰ ভাষাৰে মৰম বিলোৱা হৃদয় খন
এতিয়া যৌৱনা হল
দুটি উঠৰ হাঁহিত
মতলীয়া নহওঁ
নিবিচাৰো কেতিয়াও তোমাৰ
প্ৰেমৰ নষ্টালজিক আৱেদন
মোৰ নষ্ট প্ৰেমৰ
পথভ্রষ্ট কবি তুমি হব নালাগে
মোৰ ভগ্ন হৃদয়ৰ প্ৰতিটো টুকুৰাত
তোমাৰ সান্নিধ্য নালাগে
কুঁহি পাতৰ কুঁহিতুৰ দৰেই আছিল মোৰ মৰম
তুমি কেতিয়াও নুবুজা
মোৰ প্ৰেমৰ এখনি আশ্ৰম
মৰুভূমিৰ শুকান বালিচৰতেই
এৰি দিলো মোৰ যৌৱন
উশাহত আৰু কেতিয়াও নকপে মোৰ কলিজাৰ স্পন্দন
বুকুৰ উশাহত তুমি মোৰ বাবে কেৱল এতিয়া
এক মৌন প্ৰাৰ্থনা
হয়তু মোৰ এক আজন্ম সাধনা ।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment