অন্তৰ্দ্বন্দ্ব
চন্দনা ভাগৱতী
মূৰটো কিবা ভাল লগা নাই তাইৰ। তাই মানে নিৰ্মলা। নাম যেনে মানুহগৰাকীও তেনে। নামৰ অৰ্থৰ লগত সম্পুৰ্ণ মিল থকা ব্যক্তি। সঁচাকৈ,নিৰ্মল অন্তৰৰ গৰাকী নিৰ্মলা বৰুৱা।কিন্তু আজি কেইদিনমানৰ পৰা তাইৰ মনে যেন শান্তি পোৱা নাই। অস্থিৰ তাইৰ মন-মগজু। কিবা এটা বিচাৰি ছটফটাই ফুৰিছে।কি বিচাৰিছে তাই নিজেও নাজানে। ক'তো তাই মনটো বহুৱাব পৰা নাই।কেৱল তাই অস্থিৰ। অস্থিৰতাৰ বাহিৰে তাই নিজক একোতে আবিষ্কাৰ কৰিব পৰা নাই।ঘনঘোৰ এন্ধাৰ আৰু নিদ্ৰাহীনতাৰ বাহিৰে একোৱেই নিজৰ বুলি ক'ব পৰা নাই। সেয়ে তাইৰ অস্থিৰ মনে হাঁহাকাৰ কৰি উঠিছে।দৌৰি দৌৰি ঢপলিয়াই ফুৰিছে।তাইৰ বিশ্বাস আছে যেন তাই এদিন বিচৰা বস্তুটো পাবই।
ঢৌ খেলোৱা চুলিকোচাৰে নিৰ্মলা অপৰূপ সুন্দৰী নহ'লেও বগী ঢকঢকীয়া ছোৱালীজনী বৰ মৰমিয়াল। বহল চকু দুটাৰে নাকটো সামান্য চেপেতা হ'লেও উজ্জ্বল তাইৰ চাৱনি। ব্যস্ত থাকি ভালপোৱা ছোৱালীজনীৰ মনটোহে কিবা উগুল-থুগুল। খটকৈ শব্দ এটা তাইৰ কানত পৰিল। লোৰ জপনাখন কোনোবাই খুলিছে।কোনোবা আহিছে। কোন বুলি তাইৰ চকুহালি ফৰিং জাপ দি খিৰিকীৰে পাৰ হৈ গ'ল। বাহিৰত আবেলিৰ বেলিটোৰ কি অদ্ভুত মায়া। হেঙুলীয়া ৰশ্মিয়ে গোটেই পৃথিৱীখনকে ৰঙীয়াল কৰি তুলিছে। কিন্তু তাইৰ মনটো ? গাখীৰৱালা মাধৱে বাহিৰত ৰৈ মাত দিছে।দিদি গাখীৰ ল'ব। এই মাধৱটো বৰ আমনিদায়ক। গাখীৰ দি গুছি যাব এৰি দুনিয়াখনৰ মহাভাৰতখন তাইৰ আগত বকি থাকে। অৱশ্যে সি হ'ক কথাবোৰকে কয়। তাইও আগতে তাৰ কথাবোৰ শুনি ভালেই পাইছিল। তাইৰ নিসংগ সময়ৰ সি লগৰী আছিল। আজিৰ বাবে সি খঙৰ কাৰণ হ'লেও কেইদিনমান আগলৈকে তাইৰ সুখৰো কাৰণ আছিল। কেইদিনমানৰ পৰাহে জানো সি আমনিদায়কলৈ ৰূপান্তৰিত হ'ল। সি সমাজখনৰ কথা কয়,দেশখনৰ কথা কয়।অৰ্থনীতিৰ কথা কয়। চাফ-চিকুণতাৰ কথা কৈ দেশ-বিদেশৰ উদাহৰণ দিয়ে।গাখীৰ বিকিলেও সি পঢ়া-শুনা কৰা ল'ৰা।কাকত-আলোচনী পঢ়ে। খবৰ-বাতৰি ৰাখে।গতিকে তাৰ লগত কথা পাতি তাইৰ ভালেই লাগে।মাজে মাজে অৱশ্যে সি তাৰ জীৱনৰ কথাও কয়।মেট্ৰিকৰ দেওনাখন পাৰ কৰাৰ পিছত চোকা মগজুৰ মাধৱে অভাবৰ বাবেই পঢ়া শেষ কৰিবলগা হ'ল। নেপালী সম্প্ৰদায়ৰ লোক সিঁহত।বাপেকৰো বাপেকৰ দিনৰ ব্যৱসায় একমাত্ৰ গাখীৰ বেচা।পঢ়া বাদ দি সিও বাপেকৰ সেই বৃত্তিটোকে খামোচ মাৰি ধৰিলে।তেনে সময়তে ঘৰত বৰ বিশেষ কাম নাথাকিলে সন্মুখৰ বিলখনত কেঁচু অথবা বৰলৰ টোপ গুঠি এপৰমান বৰসী বোৱাৰ পিছত এদিন চিপ মাৰোতে কেঁকোৰা এজনী যেনেকৈ বৰসীটোত লাগিছিল,তেনেদৰে ৰংমিলীও এদিন বিলখনৰ পাৰতে চৰি ফুৰোতে তাৰ চকুৱে চকুৱে পৰিছিল আৰু চাপৰিলৈ বিহু চাবলৈ যাওতে তাৰ যি টেটুত লাগিল এতিয়াও তাৰ হেনো টেটুত কেঁকোৰাই চেপাদি চেপিয়েই আছে।নেচেপিবনো কিয়--? পৈত্ৰিক সম্পত্তি বুলি যি কেইজনী গাই আছে তাৰ পৰা এটা কি দুটা বাঢ়িলেও চলিবলৈ নাটে।তাতে কেচুৱাটো জন্ম হোৱাৰে পৰা আৰু সমস্যা।বিহুই-পূজাই কাপোৰ এসাজ কিনিবলৈও তাৰ নোজোৰে। চকু ঘোপা কৰিলেও অৱশ্যে দুইটাই দুইটাৰ মৰমতে জি আছে।দুখখিনি যিদৰে ভগাই লৈছে তাতেই যেন সুখখিনি বিচাৰি পাইছে। সিঁহত দুইটাক লৈয়ে তাৰ সংসাৰ ঘূৰ্ণীয়মান।মাধৱৰ কথাবোৰ শুনি তাই নিজৰ মাজলৈ ঘূৰি আহে।তাইৰ কি নাই-?সকলো আছে।তথাপিও মনটোত কিহে খুন্দিয়াই থাকে। মেট্ৰিকৰ দেওনা পাৰ হৈ কলেজ পঢ়ি থাকোতে তাইৰ পখিলা খেদাদি উৰা মনটোৰ উমান পাই মাক-দেউতাকে বয়সৰ কিছু ব্যৱধান থাকিলেও ধনী ব্যৱসায়ী এজনৰ লগত বিয়া দিলে।সংসাৰ বান্ধোনত সোমাই তাইৰ পঢ়া জীৱনৰ সিমানতে ইতি পৰিল।সংসাৰ ধৰ্ম তাই ঠিকেই চলাই নিছে। এটি দুটিকৈ চাৰিটা সন্তানৰ মাতৃ তাই।ল'ৰা দুজন আৰু ছোৱালী দুজনী।আটাই কেইটাকে সমস্ত মৰম,আব্দাৰ যতনেৰে আৱৰি আটাইকেইটাকে উপযুক্ত কৰি তুলিলে।এটা সময়ত ছোৱালী দুইজনীকো বিয়া দিলে। ল'ৰাকো বিয়া কৰাই আনিলে।এই সকলোবোৰ কাম কৰি সামৰোতে তাইৰ বয়সে আঢ়ৈ কুৰি পাৰ কৰিলে।কিন্তু এতিয়াও কেতিয়াবা তাইৰ মনটোৱেচোন যৌৱনৰ দুৱাৰদলিত থমকি ৰয়।আকৌ বৰ্ত্তমানলৈ ঘূৰি আহি সময়ৰ লগত,পৰিবেশৰ লগত হাত মিলাই চলে। হঠাৎ সেইদিনাখন তাইৰ নিজৰ গাঁৱৰে সম্বন্ধীয় এঘৰৰ ঘৰত বিয়া খাবলৈ যাওঁতে অভাৱনীয়টো ঘটি গ'ল। তাই কিংকৰ্ত্তব্যবিমূঢ়।কি কৰিব, কি নকৰিব তাই বিচুৰ্ত্তি খালে।তাই ভাবিলে বিচাৰি থকা বস্তুটো তাই বাৰু বিচাৰি পালে নেকি ? তাই খেপিয়াই চাইছে।কাষতে তাইৰ গিৰিয়েক।কেৱল কামৰ পিছত দৌৰি থকা গিৰিয়েকৰ তাইৰ প্ৰতি অকনো দায়িত্ব নাছিল। প্ৰেম আছিল নে নাছিল সেয়াও তাই নাজানে।আছিল যদিও সেই প্ৰেম নিবেদন কৰিবলৈও সময় পোৱা নাছিল। অজস্ৰ সম্পত্তিৰে তাইক বুৰাই পেলাইছিল।কিন্তু তাই বিচাৰিছিল কি-?পাইছিল নে সেয়া-?তাই মাজে মাজে উন্মাদ হৈ পৰিছিল। নিসংগতাবোধ কৰিছিল।অথচ চিঞৰিব পৰা নাছিল। তাইৰ জীৱন, তাইৰ ভাগ্য গিৰিয়েকৰ হাতৰ মুঠিত বন্দি হৈ পৰিছিল।আৰু মাধৱ ! মাধৱৰ ঘৈনিয়েক ? বাৰে বাৰে একেটি প্ৰশ্নই তাইক থকা-সৰকা কৰিছিল। কেনেকৈ ইমান অভাৱ অনাটনৰ মাজতো সিঁহত সুখী হ'ব পাৰ !
ৰমেন তাইৰ স্কুলীয়া বন্ধু।সেইদিনাখন বিয়াৰ থলীত দুয়োৰে চকুৱে চকুৱে পৰাত তাই শিয়ৰি উঠিছিল।কেনে বিস্ময়-?তাইৰ সৰ্বশৰীৰেদি বিদ্যুতৰ সোঁত এটি নিগৰি যোৱা যেন অনুভৱ হ'ল।আবেগৰ ইন্দ্ৰজালে তাইক এনেভাবে মেৰিয়াই ধৰিলে তাইৰ দুচকুৰে কব নোৱাৰাকৈ সৰসৰকৈ চকুপানী বাগৰি আহিল।এক মুহূৰ্ত পলম নকৰি বুধি কৰি গিৰিয়েকৰ সৈতে তাই সেই স্থান ত্যাগ কৰিলে। ঘৰলৈ আহি মনটো তাইৰ গধুৰ।ৰমেন নিৰ্মলাহতৰ কাষৰ চুবুৰীৰে দুখীয়া ঘৰৰ যদিও পঢ়াত ভাল এজন অমায়িক ল'ৰা।নিৰ্মলাও পঢ়াত ভালেই আছিল। সাধাৰণতে পঢ়া-শুনাত ভাল হ'লে নিৰ্মলাৰ সেইজন ল'ৰাৰ প্ৰতি টানটো অলপ বাঢ়ে।সিঁহতে একেখন স্কুলত পঢ়িছিল বাবে তাইৰ তাৰ লগত ঘনিষ্ঠতা বাঢ়িবলৈ সুবিধা হৈছিল। ৰমেন সৰুৰে পৰাই ছবি অঁকাত দক্ষ আছিল।গল্প-কবিতাও লিখিছিল। স্কুলৰ আলোচনীত প্ৰকাশ পাইছিল।নিৰ্মলাই ছবি আঁকিব নাজানিছিল যদিও দুই এটা কবিতা লিখিবলৈ চেষ্টা কৰিছিল। প্ৰকাশ কৰিবলৈ তাইৰ তেতিয়া সাহস হোৱা নাছিল।আচলতে তাই লিখাবোৰ তেতিয়া কবিতা হৈছিল নে তাই বুজিবই পৰা নাছিল।অশান্ত মনক শান্ত কৰাৰ অচিলা হিচাপেই ডায়েৰীৰ পৃষ্ঠা ভৰাইছিল।অস-! সেইদিনটো সাধাৰণতে স্কুলৰ জিৰণি সময়ত সকলোৱে ক্লাছৰ পৰা ওলাই যায়। তাইৰ গাটো ভাল নলগাৰ বাবে সেইদিনা তাই বাহিৰলৈ ওলাই নগৈ বেঞ্চতে বহি আছিল আৰু ৰমেনেও সেইদিনা ক্লাছৰ পৰা ওলাই নগৈ বহি এখনত কিবা আক-বাক কৰি আছিল আৰু তেতিয়া সি তাইৰ পিনে যেনেদৰে একেথৰে চাই আছিল তাইৰ বুজিবলৈ একো বাকি থকা নাছিল। তাই লাজত যেন ৰঙা পৰি গৈছিল।পিছদিনা আবেলি সি তাইৰেই প'ট্ৰেইট এখন তাইক উপহাৰ দিছিল।এনেদৰে দিনবোৰ গৈ থকাৰ সময়তে কথাবোৰে যেন এখন বেৰৰ পৰা আনখন বেৰ চুই তাইৰ মাক-দেউতাকৰো কাণ চুইছিলগৈ। তাই তাইৰ সপোনৰ কোঁৱৰ ৰমেনক লৈ হাবু-ডুবু খাই থাকোতেই এদিন তাইৰ বিয়াৰ তাৰিখ ঠিক কৰা হ'ল। এই তাৰিখটোৱে যে এপাট কাড় হৈ তাইৰ তাইৰ বুকু বিন্ধি গ'ল। টনটনাই উঠিল তাইৰ বুকু। আৰু এসোপা শূন্য তাইৰ বুকুত থৰ লাগিল।নাটকত অভিনয় কৰাৰ দৰে অভিনয় কৰি নিজকে কইনা সাজিলে। বেইৰ তলত বহিলে। আমদালি উৰুলিৰে তাই আন এখন ঘৰৰ বোৱাৰী হ'ল। কি আচৰিত ! বুকুত থৰ লাগি থকা শূন্যবোৰে লৰচৰ কৰিব ধৰিলে।তেওঁৰ লগত তাইৰ মত বিনিময় হ'ল। তেওঁৰ চিন্তা, চেতনা, কথা-বতৰাবোৰ তাইৰ লগত সাংঘাতিক ধৰণে মিলি পৰিল।আচলতে কইনা চাবলৈ যাওতে কথা পতাই হোৱা নাছিল তেনেদৰে। ফুলশয্যাৰ নিশাটোত দুয়ো-দুয়োৱে বহুত কথাই পাতিলে। অথচ, তাই যেন তেওঁক একেবাৰে নিজৰ কৰি ল'ব নোৱাৰিলে। তেওঁৰ নন্দত্বত্তৰ জ্ঞানেও তাইক মোহাচ্ছন্ন কৰিব নোৱাৰিলে।আৰু সেইদিনাখন হঠাৎ..!!!
তাই চিকুটি দিলে নিজক।তাই তাইৰ পুৰণি ডায়েৰীখন উলিয়াই ল'লে।আৰু লিখিব ল'লে।এটা এটাকৈ ভৰাই গ'ল ডায়েৰীৰ পৃষ্ঠা।তাই মোবাইলটোত তাইৰ ফেচবুক একাউন্ট এটাও খুলি ল'লে।আৰু সকলোবোৰ তাতেই পোস্ত কৰে।তাত দিয়া কমেন্টবোৰে তাইক বাৰুকৈয়ে উৎসাহিত কৰে।প্ৰভাৱশালী তাইৰ স্বামীয়েও এতিয়া কামৰ পৰা অব্যাহতি ল'লে।স্বামীৰ হাতৰ মুঠিৰ পৰা ওলাই অতীত পাহৰি তাই নিজকে বন্দি কৰি ল'লে তাইৰ কোঠালিটোত য'ত নিৰৱে খেলিব পাৰে কলমটোৰ লগত। এতিয়া তাই তাত নিজকে আঁকে। তাই সুখী।গোটেই জীৱন পৰিশ্ৰম কৰি, নিজৰ কৰ্ত্তব্য অটুত ৰাখি অৰ্জা সচ্ছলতাৰে এতিয়া তাই আনন্দময়,নিৰাপদ জীৱন যাপন কৰিবলৈ আশা কৰিব পাৰে।ভাগ্যই যেন তাইক প্ৰতিষ্ঠিত কৰিলে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment