উপলব্ধি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 1, 2024

উপলব্ধি

 


উপলব্ধি 


নবীন চন্দ্ৰ মেধি 

গোলাঘাট


       ৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো যোৱাকালি ৩১ ডিচেম্বৰ বুলি সি আৰু লগৰ কেইজনমান বন্ধুৰ সতে লগলাগি ধনশিৰি নৈৰ পাৰত বালিভাত ( বনভোজ ) খাবলৈ বুলি আয়োজন কৰিছিল । একে অঞ্চলৰ চাৰিজন বন্ধু আৰু তাৰে এজনৰ লগত কাৰ্বি আংলং জিলাৰ পৰা চাৰিজন সহকৰ্মী বন্ধু আমন্ত্ৰণ কৰি আনিছিল। মুঠতে আঠজন সতীৰ্থ বন্ধু লগ লাগি বনভোজৰ আয়োজন কৰিছিল। ফোনযোগে সকলো আয়োজন সম্পূৰ্ণ হৈ উঠাৰ পিছত পিছদিনাখন পুৱাই নিজৰ নিজৰ বাইক লৈ ধনশিৰি নৈৰ পাৰত লগলাগি বনভোজ ক'ত আয়োজন কৰা হ'ব তাকে ঠিকঠাক কৰাত লাগি গ'ল। স্থানীয় বন্ধু চাৰিওজনে হাঁহৰ পৰা খৰিলৈকে সকলো যোগাৰ কৰি লৈ গৈছিলো।


     সাধাৰণতে সিহঁতৰ আয়োজন স্থলী নৈৰ পাৰত অলপ গছ গছনি থকা ঠাইত আৰু চাফ চিকুণ পৰিবেশত ঠিক কৰাৰ সিদ্ধান্ত কৰি নৈৰ পাৰে পাৰে কিছুদূৰ বাইক চলাই আগবাঢ়ি গ'ল। গৈ গৈ এডোখৰ নৈৰ বালিপৰা ঠাইত ৰ'ল গৈ। অৱশ্যে গছ গছনি কম আছিল। ওচৰতে থকা গছৰ ডাল কেইটামান ভাঙি আনি বালিতে গোজ পুতি অলপ ছাঁ কৰি লৈছিল। তাৰ পিছত বাইকৰ পৰা বস্তুবোৰ নমাই আনি ৰন্ধা মেলা  কৰিবলৈ ধৰিলে। এজনে কোমোৰা আলু গুটি বিলাহী ধনীয়া পিয়াঁজ আদি চাফ চিকুণ কৰি কটাত লাগিল। আনজনে পানী আনি ধুই কৰি ৰান্ধিবলৈ সাজু হ'ল।


   সি নিজেই আগবাঢ়ি গৈ চৌকা খান্দিবলৈ আৰম্ভ কৰিলে। অংক মাষ্টৰে ৰন্ধা বঢ়া কৰিবলৈ আগবাঢ়ি আহিল। প্ৰথমতে হাঁহৰ মাংসৰ তৰকাৰীখন কৰো বুলি সিদ্ধান্ত ল'লে সিহঁতে। এনেতে প্ৰফেছাৰে "ৰহ ৰহ, হংস মংস হামি ৰান্ধব (হাঁহ মাংস মই ৰান্ধিম) বুলি আগবাঢ়ি আহিল। মাংস হয় মানে বন্ধুবৰ্গ লগ লাগি কিবা এটা কৰা যাওক নেকি বুলি অকণমান জলপানৰ আয়োজন কৰিছিল।


    তাৰ পিছত প্লাষ্টিকৰ গিলাচকেইটা ওপৰলৈ দাঙি লৈ মুখেৰে ইংৰাজী শব্দটো উচ্চাৰণ কৰি ডিঙিত বাকি দিছিল। মাজে মাজে চানা চোবাইছিল।


: আহ আহ আমি কেইটাই অলপ পাত লুটিয়াও।

থাপাদাই ক'লে। তাছপাত এযোৰা লগতে লৈ আহিছিল।  ৰন্ধন প্ৰকৰণ চলি থাকিল। তাৰ মাজে মাজে মোবাইলত গান বাজিছিল। মনৰ উৎসাহ বৃদ্ধি পাই আহিছিল। তাৰ মাজে মাজে চেহ, ব্লাইণ্ড, চিন , ফ্লাচ, ৰাণ, জোট আদি কিছুমান শব্দ উফৰি আহিছিল।


:  ঐ জুই চা, জুই চা।


খেলৰ ব্যস্ততাৰ মাজতো হাঁহ মাংসৰ তৰকাৰীখনৰ কথা পাহৰি যোৱা নাছিল। মাজে মাজে সি গৈ খৰি সোমোৱাই দিছে।


: ঐ হেতাখনেৰে অলপ মাংস খিনি লৰচৰ কৰি দে। নহ'লে কেৰাহীত লাগি ধৰিব।


সি হেতাখনেৰে ভাজি খিনি লৰচৰ কৰি দিলে। তাৰ পিছত কোমোৰা আৰু আলু গুটি খিনি কেৰাহীত দি আকৌ তল ওপৰ কৰি দিলে। কিছুসময়ৰ পিছতে অলপমান পানী ঢালি দি আদা হালধি মছলা ধনীয়া পিয়াঁজ আদি দি  জুই দি থাকিল।


: ঐ মাংস হ'ল যদি অলপ লৈ আহ। চাটনা কমি গৈছে। 


ফৰমাইছ মাষ্টৰে ফৰমাইছ কৰি কৰি তাছপাত খেলি খেলি মাংস ৰান্ধি খোৱাব আৰু। ইতিমধ্যে মাংস হৈছিল। কেৰাহীতো নমাই থৈ অলপমান মাংস চাকি খাবলৈ দিলে। তাৰ পিছত ভাতৰ চৰু বহালে। এইবাৰ অংক মাষ্টৰে ৰন্ধা বঢ়া কৰিবলৈ ধৰিলে। সি আহি বহিলহি

 মাংস এটোকোৰা লৈ চোবাই চালে। বঢ়িয়া হৈছে। ৰাতিপুৱা একো নোখোৱাক আহিছিল। গতিকে পেটটো কাওবাও কৰি উঠিছিল। পেটটোৱে অলপ আৰাম পাওক বুলি মাংসৰ সতে পানী এগিলাছকে খাই দিলে।


   ভাত খাবলৈ হয় মানে পাৰ্টিৰ ষোল্ল অনা শেষ হৈছিল। আকৌ ভাগ যোগ কৰিব লগা হৈছিল। এজনক একলিটাৰৰ পানী বটল কেইটামান আনিবলৈ পঠিয়াই দিলে। সি আহি পায় মানে ভাত হৈছিল। আলু গুটি পিটিকাৰ লগতে বিলাহী পোৰা জলকীয়া পিয়াঁজ আদা ধনীয়া নহৰু নিমখ তেল আদি দি ফেনেকি  লৈ এইবাৰ ভাত বঢ়াত লাগিল।


:  তাছপাত সামৰ ভাত খাবলৈ হৈছে। এইবাৰ তাৰ ফালৰ পৰা আদেশ আহিল। সকলোৱে তাছপাত সামৰি হাত ধুই বহি ল'লে। অংক মাষ্টৰে ভাত মাংস বাঢ়ি কৰি সকলোকে ভগাই দিলে। আলু বিলাহী পিটিকা জলকীয়া নিমখ পিয়াঁজ আদি দি পানীৰ বটলবোৰ উলিয়াই ল'লে। তাৰ পিছত খানা খাবলৈ বহিল। আঠজন মানুহ। ভাত মাংস অকণো নষ্ট নোহোৱাকৈ সকলো খাই আজৰি হ'ল। দুজন গ'ল চৰু কেৰাহী নদীৰ পানীত আওখালি আনি মোনাত ভৰাই থ'লে।তাৰ পিছত ক্ষন্তেক সময়ৰ জিৰণি।


    আকৌ আৰম্ভ হ'ল খেল। সিহঁতে খেলাত মনোযোগ দিলে। সি পানীৰ বটলবোৰ য'তে ত'তে পেলাই নিদি মোনাত ভৰাই ল'লে। পেট্ৰ'ল বেচিবলৈ সুবিধা হ'ব। খৰচ নোহোৱাকৈ থকা বস্তু বোৰ সামৰি সুতৰি লৈ মোনাত ভৰাই বাইকত উঠাই থৈ আহিল।


ইতিমধ্যে আবেলি পাৰ হৈ গধূলি হ'বৰ হৈছিল। গতিকে

: তহঁতে খেল। মই গৈ থাকো। দোকানখন খুলিব লাগে। ইফালে ফোন আহিছিল। ইমান দেৰি কৰিছে নে সোনকালে আহক। আহোতে জ্বৰ চৰ্দ্দি আৰু মূৰবিষৰ টেবলেট কেইটামান লৈ আহিব। ঘৈণীৰ ফৰমাইছ।


সি আৰু দেৰি নকৰিলে। বাকী কেইজনক তাতে এৰি সি গুচি আহিল। গগৈৰ ফাৰ্মাছিত সোমাই ফৰমাইছি টেবলেট কেইটামান লৈ পোনে পোনে দোকান পাইছিলহি। 


    দোকানত ঘৈণীয়েক বহি আছিল। সি গাড়ীৰ পৰা বস্তুবোৰ নমাই দোকানৰ ভিতৰত থৈ টেবলেট উলিয়াই দিলে। তাৰ পিছত কেছবক্স খুলি চাই দেখিলে বজাৰ বৰ ভাল নহয়। বিক্ৰী বাৰ্তা বিশেষ হোৱা নাই। সকলোৱে চাগৈ পাৰ্টি কৰিছে।


   ৰাতি সাত বজাত দোকান বন্ধ কৰি ঘৰলৈ উভতি আহিছিল সি। ঘৰলৈ গৈ  দেখিলে বাকীসকলে ভাত খাই আজৰি। সি অকলে অকলে বহি ভাতকেইটা খাই পুনৰ দোকানলৈকে উভতি আহিল।


     ৰাতিপুৱা চাৰে তিনি বজাতেই সাৰ পালে সি। আজি তিনি চাৰিদিন সি একো এটা লিখিব পৰা নাছিল। দিনটো দোকানত বোন্দাপৰ দি দি ভাগৰ লাগে। গধূলি ঘৰলৈ উভতি গৈ ভাত খাই আৰু পুনৰ দোকানলৈকে উভতি আহি শুই পৰে। বিগত এমাহ ধৰি সি ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন লিখাত ব্যস্ত হৈ পৰিছিল। তাৰ মাজতেই গল্প আৰু কবিতা লিখিবলৈ লয়। প্ৰৱন্ধ আদিও লিখে। আলোচনী বোৰৰ বেটুপাতত হৰফৰ আখৰেৰে যেতিয়া সি লিখা গল্প কবিতা প্ৰৱন্ধ আদিৰ শিৰোনাম ওলায় তেতিয়া নিজকে লৈ অলপ গৌৰৱ অনুভৱ কৰে। আগতকৈ হয়তো লিখনিসমূহ কিছু পৰিমাণে উন্নত মানৰ হৈছে। সি যিমান পাৰে লিখিবলৈ চেষ্টা কৰে। আজি উপন্যাস অৰণ্যৰোদনৰ বিংশতিতম খণ্ড প্ৰকাশ পাইছে। হাইস্কুলত পঢ়ি থকা কালতে লিখিবলৈ আৰম্ভ কৰিছিল যদিও এতিয়া ছাব্বিশ বছৰীয়া সাহিত্যিক জীৱনৰ শেষত উপলব্ধি কৰিলে অতীতৰ গল্প আৰু কবিতা কেৱল ৰোমান্টিক ভাৱধাৰাৰ আছিল। এতিয়াহে অলপ পৰিপক্ক ৰূপত ধৰা দিছে। অভ্যাসৰ নৰ, কৰ্ণ পথে কৰে শৰ। চেষ্টাৰ অসাধ্য একো নাই। অধ্যৱসায়ৰ বলত এদিন সিও ভাল সাহিত্যিক হিচাপে খ্যাত হ'ব পাৰে। এয়া তাৰ মনৰ উপলব্ধি।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages