তুমি তুমি মাথোঁ তুমি
লহৰজ্যোতি মৰাণ
সপোন তুমি
জোনাক হৈ নামি আহা
দাপোন তুমি
হেঁপাহৰে ভাহি আহা।
পুৱতি ৰ'দালি
হেঙুলী আকাশভেদি
জীপাল কৰা মোৰ এই পৃথিবী
তুমি তুমি মাথোঁ তুমি।
ভাবনা গধুৰ দিঠক মধুৰ
আকৌ এবাৰ নামি আহা
হৃদয়ৰ পৰশ আহি ৰোৱা
জীপাল কৰা মোৰ এই পৃথিবী
তুমি তুমি মাথোঁ তুমি।
উকা উকা লগা
মোৰ এই কলিজাৰ পৃষ্ঠা
হৃদয় নিভাজ কোণত আহি
উশাহ হৈ ৰোৱা, বতাহ হৈ ৰোৱা,
হেঁপাহ হৈ ৰোৱা, মৰম হৈ ৰোৱা
তুমি তুমি মাথোঁ তুমি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment