এনেকৈয়ে আহে ফাগুন
ড° মীনা দেৱী বৰুৱা
ডুমডুমা, তিনিচুকীয়া
ভালপোৱাৰ কথা কিনো ক'বা অৰুন্ধতী
মোৰ ফাগুন
চপলা চঞ্চল
ফাকুৰে ৰঙীণ
নহয় সমাহিত শীতল
ফাগুনে কি কয়
কিনো নকয়
আঁচল উৰুৱাই চপলা যুৱতীৰ
হিয়াত আঁকি দিয়ে
ভালপোৱাৰ এসাগৰ সাঁথৰ
আকাশ ৰঙা
বিৰিখ ৰঙা
হৃদয় দেখোন ৰিঙা ৰিঙা
ধূলিৰে ধূসৰিত
সৰাপাতৰ বেদনা
ফাগুন আলি আঃয়ে লৃগাং
ফাগুন গুমৰাগ
ফাগুন সৃষ্টিৰে বিধৌত চিত
শুকান দেহত
প্ৰাচুৰ্যৰ গীত
অৰুন্ধতী
ফাগুন প্ৰেমেৰে সিক্ত
জীৱন সজোৱাৰ ছন্দ
সৰাপাতে নতুনক
আৱাহন কৰাৰ মন্ত্ৰ
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment