আবেলিটোত ৰৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

আবেলিটোত ৰৈ


 আবেলিটোত ৰৈ


চন্দনা ভাগৱতী


     মাকনী শইকীয়াহ'তৰ ঘৰৰ মুধচত লাগি থকা আম গছজোপাত কিছুমান চৰাই আহি ঘৰ সাজিছে।দেখিবলৈ গছজোপা এখন সৰু স্কুল যেনেই হৈ পৰিছে।অকনমানি পোৱালীৰ সৈতে অসংখ্য বিভিন্ন প্ৰজাতিৰ সৰু সৰু চৰাই।এইবোৰৰ ভিতৰত কপৌ,ঘনচিৰিকা আৰু শালিকাই অধিক।খেৰ কুটা গোটাই সিঁহতে সৰু সৰু বাঁহ সাজি তাত কণী পাৰিছে,উমনি দিছে,কণী ফুটি পোৱালী জগোৱাত পোৱালীক আহাৰ খুৱাইছে।এই চৰাই আৰু পোৱালীবোৰক চাই চাই মাকনী শইকীয়া আনন্দত আত্মহাৰা হৈ পৰে।পোৱালীবোৰক মাকবোৰে ঠোঁটেৰে আহাৰ খুওৱা দৃশ্য,অন্য চিকাৰী চৰাই আহিলে পোৱালীবোৰক ধৰি লৈ যাব বুলি সিঁহতক পৰ দি থকা দৃশ্য--!আনহাতে,পোৱালীবোৰৰ পাখি গজিলে কেনেদৰে যে আলফুলে উৰাব শিকায় আৰু উৰিব পৰা হ'লেই কেনদৰে সিঁহতৰো যে আন এখন সংসাৰ গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়।এনেদৰেই ইয়াৰ পিছত পুনৰ এক নতুন প্ৰক্ৰিয়া।এয়া যেন অন্তহীন---

শইকীয়ানীয়ে মনতে ভাবে--আস-!কেনে দৃষ্টিনন্দন,অনন্য এই প্ৰকৃতি।মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক অৱশ্যে আজিৰ নহয়।প্ৰকৃতি থাকিলেহে মানুহ থাকিব।শইকীয়ানীয়ে প্ৰকৃতিৰ সকলো সম্পদকে বৰ ভাল পায়।সেয়ে তেওঁ খাবলৈ দিবৰ বাবে সেই চৰাইবোৰলৈও আছুতীয়াকৈ চাউল,দালি,মাহ,ৰুটি,বিস্কুট আদি বিধে বিধে যতনাই থয়।এনেদৰে ৰাতি পুৱাবৰে পৰা সিঁহতৰ লগত ব্যস্ত হৈ পৰাটো তেওঁৰ এক নিত্য নৈমিত্তিক কৰ্মত পৰিণত হৈছিল।আৰু এনেদৰে অম্লান সুখৰ অনুভৱে তেওঁক আপ্লুত কৰি ৰাখিছিল।দিনৰ দিনটো চৰাইবোৰক লৈ তেনেদৰে পাৰ হোৱাৰ পিছত আবেলি অমিৰ ফোনটোৰ বাবে তেওঁৰ অধীৰ অপেক্ষা।কিন্তু অপেক্ষাবোৰে আজিকালি তেওঁৰ ধৈৰ্য্য হেৰুৱায় পেলায়।ৰুনুমীয়ে অৱশ্যে নেটৱৰ্কৰ প্ৰব্লেম বুলি বহুদিন বুজাইছিল।হয়তো সেয়া সঁচা নাছিল।আজিকালি মাকৰ লগত কথা এটা পাতিবলৈও তাৰ এনে সময়ৰ নাটনি--মাক, মাকনী শইকীয়াৰ বুকুত ক্ষোভে হেচুকি ধৰে।ৰুণুমীয়ে বুজি পায় কেৱল পইছাকেইটা পঠিওৱাতে যে আজিকালি তাৰ দায়িত্ব কিয় শেষ কৰি থয়। কিন্তু, শইকীয়ানীৰ মনৰ মাজত উদ্গিৰণ হ'বলৈ ধৰে ক্ষোভবোৰৰ,হতাশাবোৰৰ---

হয়,জীৱন এখন যুদ্ধক্ষেত্ৰ। আঁকি আঁকি নাভাগৰা একোখন যুদ্ধৰ নক্সাত কেতিয়াবা পৰাজয়ৰ গ্লানি,কেতিয়াবা সন্ধিৰ চুক্তি,যেতিয়াই যুদ্ধৰ দামামাৰ অদ্ভুত ধ্বনিয়ে বুকুত বিন্ধে তেতিয়া নজনাকৈয়ে উৎকণ্ঠাৰ অন্য এখন যুদ্ধৰ প্ৰস্তুতি চলে ভিতৰে ভিতৰে...

পিছে, যুদ্ধবোৰ জানো সৰ্বজন অনুমোদিত-?

: আইতা, আইতা কৈ চিঞৰি চিঞৰি ৰুনুমীয়ে পদুলিমুখ পালে।কিন্তু,আইতাকক হ'লে নেদেখিলে।সন্ধিয়া নামি আহিছে পদূলিলৈ...। আনহাতে ধূ...ধূ...ধূলিৰ বৰষুণো সৰিছে।ক'ত যাব পাৰে আইতাক-!

তাই মনতে ভাবিলে--আজিও চাগে সেই গছজোপাৰ তলতে ৰৈ আছে আইতাক।তাই গছজোপাৰ ওচৰলৈ গ'ল।হয়,তাই ঠিকেই অনুমান কৰিছে---আজিকালি তাইৰ আইতাক এইখিনি সময়ত এই গছজোপাৰ ওচৰত আহি ৰৈ থাকে।ৰৈ থাকে মানে কাৰোবালৈ অপেক্ষা কৰি থাকে।এই অপেক্ষা আইতাকৰ অন্তহীন অপেক্ষা...।

কাৰোবালৈ মানে তেওঁৰ একমাত্ৰ পুতেকলৈ এই অপেক্ষা---

কেতিয়াবা চাহ টেবুলত বহিও একেলগে পুতেকৰ লগত চাহ খাব বুলি ৰৈ থাকে।ভাত খাবলৈ বহিও নখোৱাকৈ ঠাইতেই বহি থাকে।বিচনাত পৰি বহু সময়লৈ নোশোৱাকৈ ৰৈ থাকে।পুতেকৰ বিয়াৰ কথা উলিয়াই প্ৰায়েই অসংলগ্ন কথা কিছুমান বলকি থাকে।

: ঐ ৰুণু,ৰুণু অ' এতিয়া ভাল দিন বাৰ এটা চাই বিয়াৰ যা-যোগাৰলৈ আগবঢ়াহে কথা।

: ৰুণুমিয়ে অ'আইতা বুলি হুকাৰ ধৰি আইতাকৰ কথাবোৰ কেৱল শুনি যায়।

: জান, বিয়াখন পাতি দিব পাৰিলে মোৰ আৰু চিন্তা নাই।প্ৰথমতে চিন্তা আছিল তাৰ পঢ়া-পাতিক লৈ।তাৰ পিছত আছিল তাৰ ডক্টৰী বিদ্যাটোৰ ক'ত প্ৰয়োগ কৰিব-?য'তেই নহওক, দেশতে হওক বা বিদেশতেই হওক সি সুখেৰে থাকিলেই ময়ো সুখী। কিন্তু, সি যে মোলৈ আজিকালি ফোন এটাও নকৰা হ'ল-!সি ইমানেই ব্যস্ত হ'লনে--! পুতেক অমিক লৈয়ে যেন তেওঁৰ সংসাৰ ঘূৰ্ণীয়মান।

ৰুণুৱে সকলো বুজি পায়। আইতাকৰ জীৱনৰ এতিয়া আবেলি সময়। ৰুণুয়েই এতিয়া আইতাকৰ লগৰীয়া।এই আবেলিটোত ৰৈ আইতাকে অতীতটোৰ কথাকেই পাগুলি থাকে। আইতাকক চোৱা-চিতা কৰিবলৈ এদিন ৰুণুক লৈ আহিছিল বিখ্যাত অম্লানজ্যোতি গগৈয়ে। ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে তাই অমিৰ মাকৰ শুশ্ৰুষা কৰিব আৰু অমিয়ে ফোনতে মাকৰ বাবে প্ৰয়োজনীয় সকলো দিহা পৰামৰ্শ দি থাকিব। সেইমতেই আজিও তাই তেনেদৰেই চলি গৈছে।কোনোদিনে তাইৰ দায়িত্বৰ অকনো কৃপণালী কৰা নাই।নকৰেও।তাইও যে নিঠৰুৱা।ঘৰ বুলিবলৈ তাইৰো কোনো নাছিল।মাক-দেউতাক বুলিবলৈও তাইৰ কোনো নাই।মাক-দেউতাকৰ কথা তাই একো নাজানে।জনা হোৱাৰ পৰা হস্পিতালখনকে দেখিছে।হস্পিতালৰ ডক্টৰ, নাৰ্চৰ লৰা-ঢপৰাবোৰকে দেখি আহিছে।হস্পিতালৰ বাৰান্দাখনকে ঘৰ বুলি আকোৱালি লৈ তাতে যিয়ে যি দিয়ে তাকে খাই তাই জীৱন নিৰ্বাহ কৰিছিল।অমিৰ লগত আহিব নে সুধোতে একে আষাৰে হ'ব বুলি কৈ যি আহিছিল তেতিয়াৰ পৰা আইতাকৰ লগতে আছে।আইতাকেও তাইক নিজৰ ছোৱালীৰ দৰে মৰম আদৰ কৰি আহিছে।আইতাকে তাইক কয়--জান ৰুণু--আমাৰ অমিৰ দেউতাক ঢুকুৱা চাগে মনতেই নাই।তেনেই সৰু সি তেতিয়া।হঠাতে এদিন অফিচৰ পৰা আহি থাকোতে মূৰ ঘূৰাই পৰি যায় আৰু তিনিদিন আই.চি.ইউ. ত থকাৰ পিছত এদিন আমাক সকলোকে নিঠৰুৱা কৰি এই সংসাৰৰ পৰা গুছি যায়।সেই তেতিয়াৰ পৰা মই যে তাক অকলশৰে কেনেকৈ ডাঙৰ কৰিছোঁ--!

     ৰুণুৱে এই সকলোবোৰ কথা কেবাবাৰো শুনিছে।অমি পঢ়া-শুনাত বৰ ভাল আছিল।সৰুৰে পৰাই সি প্ৰতিযোগীতামূলক পৰীক্ষা সমূহতো স্থান পাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সি স্থানপ্ৰাপ্ত হৈ পাছ কৰি হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাতো বিজ্ঞান শাখাত স্থানপ্ৰাপ্ত হৈ ডক্টৰ হোৱাৰ মানসিকতাৰে মেডিকেল পঢ়ি এদিন ডক্টৰ হৈ ওলাই আহিল।এতিয়া সি বিদেশত এজন নামজ্বলা ডক্টৰ । বিখ্যাত মানসিক চিকিৎসক ড০ অম্লানজ্যোতি গগৈক নজনা মানুহ কোনো নাই।বিদেশত থাকিলেও অৱশ্যে তাৰ মাকলৈ প্ৰায়ে মনত পৰে।কিন্তু মানুহ পৰিস্থিতিৰ দাস।সময়ে সেই সুবিধা নিদিয়ে।মাকৰ কষ্টৰ কথা ভাবিয়েই এদিন সি ৰুণুক মাকৰ পৰিচাৰিকা হিচাপে নিয়োগ কৰিছিল।যিহেতু মাকৰ ওচৰলৈ গৈ থাকিবলৈ তাৰ সময়ৰ অভাৱ হৈছিল।অভাৱ হৈছিল মানে আগতে ফোনকলটোতে কথা বাৰ্ত্তাবোৰ চলি আছিল।এতিয়া যে সেইকণৰ বাবেও সময় নিমিলা হৈ পৰিছে।অৱশ্যে আইতাকৰ দৃষ্টিত এতিয়াও স্থিতপ্ৰজ্ঞতা বিৰাজমান।সি আহিব,তাৰ লগত বহুত কথা পাতিব।তাৰ বিয়াখনো পাতি দিব লাগিব।

    চতৰ চৈতালীয়ে সমস্তজুৰি আজুৰি আনিছে ধূলিৰ অপলাপ।আনফালে আইতাক এতিয়াও ৰৈ আছে সেই আহতজোপাৰ তলতেই।ধূলি উৰে,স্মৃতি সৰে,মনবোৰ--?মনবোৰহে নলৰে।মনৰ সকলো ৰোগৰ নিৰাময় কৰিব পৰা অমিয়ে মাকৰ মনৰ ৰোগৰ নিৰাময় কৰিবলৈহে সময়ৰ নাটনি হয় কিন্তু,বাকি সকলোৰে বাবে সময় ঠিকেই থাকে।কেনে বিচিত্ৰ জগত-!নে সি সময়ৰ লগত যুঁজি যুঁজি হাৰি গৈছে-?আজি কিছুদিন আগলৈকেতো সকলো ঠিকেই আছিল।সন্ধিয়াৰ কাণিমুনি পোহৰত হাতৰ মুঠিত লৈ থকা ক্ষুদ্ৰ দূৰভাষটোৱে গীত এটি জুৰিব ল'লেই তাৰেই এটা চুইচ টিপি দিলে সিমূৰৰ পৰা ভাহি অহা কণ্ঠস্বৰৰ লগত নানান আলাপ-আলোচনাৰে সন্ধিয়াটো জীপাল হৈ পৰিছিল।কিন্তু,আজি যেন আইতাকৰ হতাশাবোধ নে বিব্ৰতাবোধ নিজৰ জীৱনক লৈ-! তাৰ কোনো সঠিক বাখ্যা নোলায়।সাত সাগৰ তেৰ নদীৰ সিপাৰে সেয়া এটা দেহ নে যন্ত্ৰ -?আৰু এইপাৰে দেহ সদৃশ এচটা ভেল।আইতাকে মাজে মাজে স্বগতোক্তি কৰি কয়-মই কেৱল চৰাই পোৱালী কেইটাৰ দৰে তাক উৰাবহে শিকালোঁ, বাঁহলৈ পুনৰ ঘূৰি আহিবলৈ শিকাবলৈ পাহৰিলোৱে চাগে-!


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages