মিচিং জনগোষ্ঠীয় পৰম্পৰাগত সুস্বাদু খাদ্য সম্ভাৰৰ জুতি
জৱাহৰলাল মিলি
গহপুৰ
যোৱা সংখ্যাৰ পিছৰ….
তৃতীয় খণ্ড
মিচিং জনগোষ্ঠীয় জলপান জাতীয় খাদ্য সম্ভাৰ অন্যান্য জনগোষ্ঠীৰ তুলনাত প্ৰায়ে অতি কম বুলি ক’ব পৰা যায়। অনামিচিং লোকে যিদৰে ৰাতিপুৱাৰ লঘু আহাৰ জলপান হিচাপে ব্যৱহাৰ কৰে ঠিক এনেদৰে মিচিং জনগোষ্ঠী লোকে পুৰণিকলীয়া পৰম্পৰা অনুসৰি কৰ্কৰা ভাত (পঁইতা ভাত) যাক মিচিং ভাষাত পিনকাং আপিন বুলি কোৱা হয়, তাকেহে প্ৰাধান্য দি আহিছে। বিশেষকৈ মিচিং জনগোষ্ঠী লোকসকল কৃষিকৰ্মৰ ওপৰতে জীৱন জীৱিকাৰ প্ৰধান শৈলী। ৰাতিপুৱাই কৃষি কৰ্ম লৈ ওলালেই চাহ জলপানৰ সলনি পিনকাং আপিন (পঁইতা ভাত) লগত লৈ যায়। ল’ৰা ছোৱালী সকলেও ৰাতিপুৱা বিচনাৰ পৰা উঠিহে পিনকাং আপিনৰ চৰুত হাত দিয়াৰ অভ্যাস প্ৰচলিত পৰম্পৰা আছেহি। পিনকাং আপিন একপ্ৰকাৰ অতি সুস্বাদু আৰু সুস্বাস্থ্যকৰ খাদ্যপ্ৰাণ যুক্ত সহজ লভ্য জলপান জাতীয় আহাৰ হিচাপে ধৰি ল’ব পাৰি। সেই পিনকাং আপিন বিভিন্ন জুতি বাতি তৰিকাৰে খোৱাৰ উপযোগী কৰি প্ৰস্তুত কৰিব পৰা যায়। নামচিং (শুকতি) কলপাত বা তৰাপাতত বান্ধি জুইৰ অঙতাত হেক দি পিনকাং আপিনৰ সৈতে খোৱাৰ সোৱাদেই এক অন্যতম। শুকান মাছ বা পুৰা মাছৰ লগত পিনকাং আপিন জুতি লগা অনন্য খাদ্য হিচাপে পেট পূৰাই খোৱাৰ অভ্যাস মিচিং সমাজৰ পৰম্পৰা খাদ্য সম্ভাৰেৰে ভৰপূৰ। মিচিং জনগোষ্ঠীয় গাঁৱলীয়া লোক সমাজত পিনকাং আপিন (পঁইতা ভাত) লঘু আহাৰৰ প্ৰধান খাদ্য সম্ভাৰ হিচাপে ব্যৱহাৰ কৰা পৰম্পৰা এতিয়াও অব্যাহত আছে। বিশেষভাৱে ল’ৰা ছোৱালীৰ পৰা ধৰি কামিলা পুৰুষ মহিলাই ৰাতিপুৱা কৃষি পথাৰৰ কামত ওলাই গ’লে পিনকাং আপিনকে লঘু আহাৰ খায় ওলাই যায়। মিচিং সকলৰ জলপান জাতীয় লঘু আহাৰ বুলিলে পিনকাং আপিনকে (পঁইতা ভাতেই) ধৰি ল’ব লাগিব। মিচিং জনগোষ্ঠীয় উৎসৱ পাৰ্বন, বিহু সংস্কৃতিত কেইবিধমান জলপান জাতীয় বা লঘু আহাৰ তৈয়াৰ কৰে যদিও অন্য জনগোষ্ঠীৰ দৰে তৈল দ্ৰব্যৰে প্ৰস্তুত প্ৰণালী এক সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। জলপান জাতীয় খাদ্য সম্ভাৰবোৰ প্ৰায়েই তেল জাতীয় দ্ৰব্যৰে প্ৰস্তুত কৰা দেখা নাযায়। তাৰে ভিতৰত কেইবিধমান অতি চমুকৈ উল্লেখ কৰিলোঁ। বড়া চাউলৰে প্ৰস্তুত কৰা চিৰা। ইয়াৰ প্ৰস্তুত প্ৰণালী অতি সাধাৰণ ভাৱে প্ৰস্তুত কৰে। ইয়াত অন্যান্য জনগোষ্ঠীৰ দৰে তেলেৰে বিভিন্ন সামগ্ৰী দি প্ৰস্তুত কৰা দেখা নাযায়। বড়া চাউল পানী তিয়াই কোমল কৰি লয় কেৰাহীত ভাজি গৰমে গৰমে খুৱলী বা উৰালত খুন্দি সুগন্ধিযুক্ত চিৰা প্ৰস্তুত কৰে। এই চিৰা অন্য জনগোষ্ঠীৰ সান্দহ পিঠাগুৰি দৰে খোৱাৰ জুতি লগা সুগন্ধি সুস্বাদু জলপান জাতীয় খাদ্য সম্ভাৰ তৈয়াৰ হয়। আন এবিধ পিঠা জাতীয় জলপান হৈছে দঃমৃৰ পিতাং (আকাশী পিঠা)। সেই দঃমৃৰ পিতাঙৰ প্ৰস্তুত প্ৰণালীও এক সুকীয়া বৈশিষ্ট্যপূৰ্ণতা আছে। বড়া চাউলৰ সলনি যিকোনো চাউলেৰে ইয়াক প্ৰস্তুত কৰিব পৰা যায়। চাউল পানী তিয়াই কোমল কৰি খুৱলী বা উৰালত খুন্দি পিঠাগুৰি কৰি লয়। তাৰ পিছত পিঠাগুৰি খিনি পানীৰ সৈতে সানি জোখমতে জুলীয়া কৰি লয় গৰম কেৰাহীত দি তৈয়াৰ কৰি লয়। ইয়াত একেবাৰে তেল ব্যৱহাৰ কৰা দেখা নাযায়। আন এবিধ পিঠা হৈছে গৰু পিতাং(গৰু পিঠা)। এই পিঠা চাউল পানীত তিয়াই কোমলাই উৰালত খুন্দি পিঠাগুৰি কৰি গুৰ মিহলাই কেৰাহীত তেল দি ভাজি তৈয়াৰী হয়। গৰু পিতাং (গৰু পিঠা) কেৱল বহাগ বিহুৰ গৰু বিহুৰ দিনাই গৰুক খোৱাবৰ বাবে বনোৱা দেখা যায়। চিৰা জাতীয় জলপানৰ ভিতৰত আৰু এবিধ চিৰা হৈছে নকৈ পকা ধান পথাৰৰ পৰা কেঁচাকৈ কাটি আনি কেৰাহীত ভাজি গৰমে গৰমে খুৱলীত খুন্দি প্ৰস্তুত কৰা হয়। এই চিৰাক মিচিং ভাষাত আতাবনৗ আম্বুক বুলি কোৱা হয়। সচৰাচৰ দোকান বা বজাৰত কিনিবলৈ পোৱা চিৰাৰ দৰেই হয় যদিও ঘৰুৱাভাৱে ন ধানৰ পৰা কেঁচাই কেৰাহীত ভাজি উৰাল বা খুৱলীত খুন্দি প্ৰস্তুত কৰা চিৰা সুগন্ধি আৰু খোৱাৰ সোৱাদেই এক অন্য ধৰণৰ তৃপ্তিপূৰ্ণ হয়। মিচিং সকলৰ বাপোতিসাহোন কৃষি ভিত্তিক উৎসৱ আলি আঃয় লৃগাঙত তৰা পাতেৰে বন্ধা বড়া চাউলৰ পুৰাং আপিন এবিধ ঐতিহ্যপূৰ্ণ জলপান জাতীয় খাদ্য সম্ভাৰ হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। পুৰাং আপিনৰ প্ৰস্তুত প্ৰণালী সুকীয়া বৈশিষ্ট্য আছে। অসমত বসবাস কৰা কোনো জনগোষ্ঠীয়ে এই পুৰাং আপিনৰ ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালীৰে খোৱা দেখা পোৱা নাযায়। পুৰাং আপিন প্ৰস্তুত প্ৰণালী একেবাৰে ঐতিহাসিক কালৰ এক পৰম্পৰা বিজৰিত হৈ আছ। ইয়াৰ প্ৰস্তুত প্ৰণালী সহজ লভ্য বুলি উল্লেখ কৰিব পৰা যায়। পাহাৰীয়া অঞ্চলত সহজতে উপলব্ধ কামৰঃ অৗক্কাম বা তৰা পাতত বড়া চাউল টোপোলা বান্ধি কেৰাহীত সিজালে পুৰাং আপিন প্ৰস্তুত হৈ উঠে। ইয়াৰ লগত আলি আঃয়ে লৃগাং উৎসৱত শুকান মাছ বা পুৰা মাছ আৰু গাহৰি মাংস খৰিকাত পুৰি মিচিং সকলে খোৱাৰ জুতি লয়। আলি আঃয়ে লৃগাঙত পুৰাং আপিন যিদৰে প্ৰাধান্য দিয়া হয় লগতে শিপা মূল কাণ্ড জাতীয় কিছুমান খাদ্যৰ সোৱাদ লয়। এইবোৰ হৈছে আলি (কাঠ আলু), মাঃয়ং, ঙিনতি, আমৰালি, শিমলু আলু, মিঠা আলু, গৰিয়া আলু আদি পুৰাং আপিনৰ সৈতে নৈবেদ্য সামগ্ৰী যোগাৰ কৰা খাদ্য সম্ভাৰ সমূহ অধিক আকৰ্ষণীয় উৎসৱৰ আমেজ ভৰা পৰম্পৰা আছে। অৱশ্যে মিচিং জনগোষ্ঠীৰ লোকে উৎসৱ পাৰ্বন অনুষ্ঠানবোৰৰ বাহিৰে জলপান জাতীয় চিৰা পিঠা অন্যান্য লঘু আহাৰৰ ব্যৱহাৰ কৰা দেখা পোৱা নাযায়। জলপান জাতীয় লঘু আহাৰ বিশেষ উৎসৱ পাৰ্বনতে মহা আয়োজনৰ সমাহাৰ হয়। অনামিচিং লোকে যিদৰে বিভিন্ন মিঠাই জাতীয় খাদ্য সামগ্ৰী প্ৰস্তুত কৰি চাহ জলপান গোটাই আলহী অতিথিক আপ্যায়ন আগবঢ়াই। কিন্তু ইয়াৰ পৰিবৰ্তে মিচিং জনগোষ্ঠী সকলৰ আলহী অতিথি আপ্যায়নৰ প্ৰধান খাদ্য সম্ভাৰ হৈছে পঃৰ আপংপানী বা নগিন আপংপানী ব্যৱহাৰ কৰাহে দেখা যায়। অৰ্থাৎ চাহ জলপান জাতীয় বিভিন্ন খাদ্য সামগ্ৰীৰ সলনি মিচিং জনগোষ্ঠী লোকে যিকোনো সামাজিক বা ব্যক্তিগত পূজা পাৰ্বন, সকাম নিকাম অনুষ্ঠান পৰ্ববোৰত আপং (পণীয় দ্ৰব্য) ৰ সৈতে মাছ মাংসেৰে উদযাপন কৰা হয়। বিশেষকৈ বিৱাহ, আদ্য শ্ৰাদ্ধ অনুষ্ঠান আদিত ওপৰত উল্লেখিত খাদ্য দ্ৰব্যবোৰ গোটাই মূল কাৰ্য্য সম্পন্ন কৰা হয়। মিচিং জনগোষ্ঠীসকলৰ একেবাৰে এৰিব নোৱাৰা পৰম্পৰাটোৱেই হৈছে আপং পানী ব্যৱহাৰ কৰা খাদ্যাভাস। বিশেষকৈ মিতুৰ বা সম্বন্ধীয় মানুহ এঘৰত কিবা আপদ বিপদত মাত লগাবলৈ গ’লেও আপং পানী লগত লৈ যাবহি লাগিব। অৱশ্যে বৰ্তমান সময়ত পুৰণিকলীয়া পৰম্পৰা কিছু ৰীতি নীতি পৰিবৰ্তিত ৰূপত অঞ্চল ভেদে পৰিত্যাগ কৰিব ধৰিছে। পুৰণিকলীয়া মিচিং কেৱলীয়া ধৰ্মীয় আদৰ্শৰ পৰা অন্যান্য ধৰ্মীয় আদৰ্শত দীক্ষিত হয় পৰম্পৰাগত ধৰ্মীয় বিশ্বাস বাদ দি পৰিবৰ্তন মুখী হৈছে। যিকি নহক মূল বিষয় বস্তুৰ পৰা অলপ ফালৰি কাটি উল্লেখ কৰা হ’ল। যিহেতুকে ধৰ্মীয় আদৰ্শৰ সৈতে মানুহৰ জীৱন ধাৰণ আৰু খাদ্যাভাস সম্পূৰ্ণ নিৰ্ভৰশীল। গতিকে এনেবোৰ বিষয়ৰ ওপৰত বহলাই উল্লেখ কৰিব নিবিছাৰোঁ। মিচিং জনগোষ্ঠী সকলৰ খাদ্য তালিকাত মাছ মাংসৰ উপৰিও বহুবিধ বনৰীয়া শাক পাতেৰে ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালীৰ খাদ্য দ্ৰব্যৰে ভৰপূৰ। শাক পাতৰ অন্যতম উৎকৃষ্ট শাক হৈছে অকাং (ঢেঁকীয়া), অলুম, অলাপ, জিলিমিলি শাক (ভটুৱা শাক), অউ অয়িং, কোয়াপ অয়িং, অলুম তাকেঃ, কুঃচুক, নেকুং, মাৰ্চাং, অকৰবিৰি, পদুনা, অঃৰি, পাক্কম, ৰিপিৰিয়াং, ৰিবাক, বুংকিঃৰিঃপুং, অম্বেঃ, তাকুক, তাজিক, কলমৌ, তাৰাগ, তালৃং, ইঃকুং, কলডিল, পচলা, ৰৃক্কম, বাংকঃ, বাকঃবাৰেঃ, মিগম তাপা, বাঃয়ম, তুমপেট, তুলহি, পাৰঃতাপা, পৗতু আদি বিবিধ জাতীয় শাক পাচলিৰ খাদ্যৰে ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালী বিৰাজমান। তাৰে ভিতৰত এক অন্যতম জনপ্ৰিয় শাক হৈছে পৗতু ৰাঃচৰ আৰু তুলহি ৰাঃচৰ। অৰ্থাৎ সৰিয়হ পাত আৰু তুলহি পাত পানীত সিজাই খোৱাৰ জুতিলগা খাদ্য সম্ভাৰ হিচাপে মিচিং জন সমাজত প্ৰচলিত ঐতিহ্য বহন কৰি আহিছে। ওপৰত উল্লেখ কৰা সকলোবোৰ শাক পাচলিবোৰৰ নাম কেৱল মিচিং ভাষাতে প্ৰকাশ কৰিলোঁ। যিহেতুকে সকলোবোৰ বনৰীয়া শাকপাচলিৰ নাম অসমীয়াত প্ৰকাশ কৰিব নোৱাৰিলোঁ। এই বনৰীয়া শাক পাতবোৰৰ ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালী প্ৰায়ে তেল দি ভজাতকৈ পানীত সিদ্ধ কৰি বিনা তেলত খোৱাৰ যথেষ্ট উপকাৰীতাও আছে। মিচিং জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ অতি চমুকৈ কিছু দাঙি ধৰা চেষ্টা কৰিলোঁ। ইয়াৰ ওপৰত অধিক পৰ্য্যবেক্ষণ আৰু বৈজ্ঞানিক দৃষ্টি ভংগীৰে অধ্যয়ন কৰাৰ প্ৰয়োজন নিশ্চয় থাকিব। সকলোবোৰ বিষয় বস্তু সামৰি প্ৰকাশ কৰা মোৰ পক্ষে সম্ভৱ নহ’ল। তথাপিও সাধাৰণ অভিজ্ঞতাৰে জ্ঞানে ঢুকি পোৱা খিনিৰে কিছু তথ্য দাঙি ধৰিলোঁ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment