অন্ত পৰিল অপেক্ষা
হাইছ উদ্দিন আহমেদ
নগাঁও
কুঁৱলীৰ চাদৰে মেৰিয়াই
ৰাজপথ আৰু পথাৰ
সূৰ্যৰ পোহৰে চুব নোৱাৰাকৈ
পাৰ হয় বগা চাদৰখন।
সূৰ্যৰ উজ্জ্বল ৰঙৰ অপেক্ষাত
কুঁহি পাতবোৰ,
দুবৰি ঘাঁহৰ পৰাও
ওলাই ফুল,
ৰ'দ বিৰিঙিলে গছ,বন,লতাই
হাঁহি হাঁহি আকাশলৈ চাই
পূৰ্ণ সেউজীয়া হৈ
মানৱজাতিয়ে সপোনৰ হাত মেলে।
ক'ৰবাত পোহৰ হেৰুৱাই
ক'ৰবাত সূৰ্য ওলায়
অন্ধকাৰ আঁতৰাই
জোন, তৰাই দিয়ে ক্ষুদ্ৰ ৰশ্মি
নক্ষত্ৰই তাকেই চাই।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment