জুই
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
মই একুৰা জুই জলাম
উমি উমি জ্বলা তুঁহ জুই নহ'য়
শুকান কাঠৰ দপ দপকৈ জ্বলা জুই
তাত জাপি দিম কিছুমান সিংসুক মন!
জাপি দিম তাত
আনক শিখণ্ডি সজোৱা
কিছুমান পৰশ্ৰীকাতৰ প্ৰাণ
ছাই কৰি দিম সুবিধাবাদী পৰজীৱী বোৰক!
ৰঘুমলাবোৰ ফেৰেঙনিত শিপাইছে
শিমলুজোপা বিষত কেকাইছে
কুমলীয়া কলিজাটোৱে চকুলো টুকিছে
তাতে ঢেকুৰা এটাই ৰাউচি জুৰিছে!
পাতল ওঠ দুটি লেৰুৱা হ'ল
জাৰত আহিল জঠৰতা
জুই সেক জুই সেক
হিয়া মন দেহলৈ আহিব উম!
মই একুৰা জুই জ্বলাম
ফিৰিঙতিত হওক খাণ্ডৱ দাহন
শিৰ তুলি জীয়াই থকাৰ তাড়নাত
দাহ কৰিম হিংসুক জনৰ নুপুংসক মন!
মই একুৰা জুই জ্বলাম
উতলি থাকিব তাত
চৌদিশ তপতাই
সৃষ্টিৰ প্ৰগলভা নদীখন!
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment