বসন্তসেনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 1, 2024

বসন্তসেনা

 

বসন্তসেনা


                 গায়ত্ৰী দেৱী বৰঠাকুৰ

                            শোণিতপুৰ


বসন্তসেনাই জানে 

ৰূপকৰ আত্মজীৱনীত 

কোনো সোণৰ হৰিণ নাথাকে 

অথবা

নাথাকে কোনো প্ৰতিমূৰ্তিৰ স্বৰ্ণসীতা 


বসন্তসেনা

প্ৰ'টাগনিষ্ট 

জানে 

কোনো অভিজ্ঞানে বজাব নোৱাৰে  

আমাৰ অৱচেতনাৰ এৰ্লাম ক্লক 


(দুই)


মাটিৰ গাড়ী এখনৰ বাবে 

বসন্তসেনাই সহজেই 

নস্যাৎ কৰিব পাৰে

সোণৰ জিকমিক আৱেদন 


বুকু ফিন্দাই নিবেদন কৰিব পাৰে   

সাঁচতীয়া প্ৰেম


ধুমুহা সামৰি বসন্তসেনাই

 পাতি দিব পাৰে সুখৰ আঁচল


(তিনি)


বসন্তসেনাৰ টাইমলেচ বিউটিত 

চগা হৈ জ্বলে এজাক শগুণ 


বসন্তসেনাই জানে 


পান কৰিব জানিলেহে 

জীৱন মদিৰা 

নহ'লে

সব বকৱাস....


(মৃচ্ছকটিকম্ ৰ নায়িকা বসন্তসেনা।)


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages