শিমলুজনী
পৱন বৰ্মন
যি বাটেৰে ফাগুনক লগ পাইছিলোঁ
আজি দেখোন নিমাওমাও
আকাশখনো গোমা !
মোৰ ভৰি দুখন
কিহবাই মেৰিয়াই ধৰিছে নে গিলি আছে
হাততো তেজৰ চেক
তাইৰ হাত, ভৰি, মূৰ কাটি
কৰতখনে দাঁত থৈছে উঠন বুকুত
শেষ বাৰৰ বাবে চুবুৰিটো ৰঙা কৰি
কৰতীয়াৰ কান্ধত অচিন যাত্ৰা
তাই অন্তঃসত্বা আছিল
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment