ধূলিয়ৰি ফাগুন…
কেশৱানন্দ ওজা
শীতাৰ্ত নিশাৰ ডাঠ কুঁৱলীৰ
অৱগুণ্ঠন ফালি
আগমনি ধূলিয়ৰি ফাগুনৰ,
বিষন্ন হৃদয়ৰ চেঁচা পৰা কলিজাত
উৰুঙা ফাগুনে আল্পনা আঁকে
ৰঙা ৰঙা পলাশ মদাৰৰ।
ধূলিয়ৰি ফাগুনৰ উদং আকাশত
তেজৰঙা মদাৰে ছটিয়াই
উদাস মাথো উদাস,
উন্মনা ফাগুনৰ প্ৰতীক্ষাত
ফিৰফিৰীয়া অস্থিৰ বতাহজাকে কঢ়িয়াই
ঠিকনাবিহীন সৰাপাতৰ সুবাস।
ফাগুনৰ আকাশত আজি
ক'লা ডাৱৰৰ ওন্দোলনি,
ধূলি ধূসৰিত পৃথিৱীৰ
উকা পৃষ্ঠাবোৰত যেন
আশাৰ সঞ্জীৱনী।
উদং পৃথিৱীৰ লঠঙা গছজোপাৰো
প্ৰত্যাশা এজাক বৰষুণৰ,
ৰিব ৰিব মলয়াই লৈ আনে
আশাভৰা প্ৰতিশ্ৰুতি
সমাগত বসন্তৰ।
শুকান ধৰণীৰ বুকুত
আৱতৰীয়া বা-মাৰলীজাকে
দি যায় ব'হাগ ব'হাগ লগা
বসন্তৰ মিঠা অনুভৱবোৰ,
ফাগুনৰ পচোৱাৰ চেঁচা বতাহজাকে
যেন লাহেকৈ চুই যায়
অনুভূতিৰ ডাৱৰবোৰ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment