ভূতে কুটি খোৱা অৰণ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

ভূতে কুটি খোৱা অৰণ্য

  

ভূতে কুটি খোৱা অৰণ্য


                                          বিশ্বজিৎ শইকীয়া

                                               কাৰ্বি আংলং


তাত কবৰ দিয়া হৈছে সিহঁতক

কবৰবোৰৰ ওচৰে-পাজৰে

মানুহে কোৱা-কুই কৰে-

তাত হেনো ফৰিংফুটা জোনাকতে ভূত ওলাই

অৰণ্যবোৰ কুটি খায়,

অৰণ্যৰ চিপাহীবোৰে  মাণিক বিচাৰি

গণি থাকে ক্ষন।


অৰণ্যবোৰ শেষ হ'লে ভূতটো ওলাই আহে

জন উপত্যকালৈ,

সি পাহাৰ, নদী, ৰাস্তা, পথাৰ খায়

তাকো জন উপত্যকাত এটা ঘৰ লগা হ'ল,

সি এইবাৰ খালে

কাৰোবাৰ হাতৰ খাৰু, কাণৰ কেৰু

কাৰোবাৰ ভঁৰালৰ জহা, গৰালৰ শহা

তাৰ এটা অট্টালিকা হ'ল,

সেই উপত্যকাটোত থকা

আটাইবোৰ ঘৰৰ ভিতৰত ওখ ঘৰটোৱে তাৰ।


তাৰ ঘৰটো সাঁজোতে সাঁজোতে

কোনোবা বেঘৰ হ'ল,

কেইটামান বাঢ়িল কবৰৰ সংখ্যা

আকৌ ওলাব ভূত

কুটি খাব আন এখন অৰণ্য।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages