আলি আঃয়ে লৃগাং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 1, 2024

আলি আঃয়ে লৃগাং

 




আলি আঃয়ে লৃগাং


অপৰূপা দত্ত

অৰুণাচল প্ৰদেশ



       মিচিং জনজাতি সকলৰ প্ৰধান উৎসৱ হ'ল "আলি আঃয়ে লৃগাং"।১৯৫৬ চনৰ পৰা মিচিং সকলৰ অৰ্থ - সামাজিক অনুষ্ঠান বানে কেবাঙৰ সিদ্ধান্ত মতে এই উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। যিমান দূৰ জানো কৃষি কৰ্মৰ লগত সংগতি ৰাখি মিচিং সকলে এই আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে। মিচিং ভাষাত আলি মানে হ'ল - শস্য, আঃয়ে মানে ফল আৰু লৃগাং মানে হ'ল - সিঁচিবলৈ আৰম্ভ কৰা। ইয়াৰ আচল অৰ্থ হ'ল - শস্য সিঁচাৰ প্ৰথম দিন। খেতি চপোৱাৰ পাছত বাৰিষা খেতিৰ বাবে প্ৰস্তুতিৰ বতৰ। এনে বতৰত আয়োজন কৰা এই উৎসৱে ( মিচিং) তেখেত সকলৰ বিশেষ কৃষি সচেতনতাৰ ইংগিত দিয়ে।

         মিচিং সকল শুনামতে বহুত উৎসৱ প্ৰিয় আৰু সহজ সৰল এটা জাতি। আলি আঃয়ে লৃগাং তেখেত সকলৰ পুৰণি উৎসৱ। ই হ'ল পূৰ্ব-পুৰুষ সকলৰ পূজা। এই উৎসৱৰ প্ৰধান বৈশিষ্ট্য হ'ল- এমুঠি আহু ধান মাটিত সিঁচি দি কৃষিৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে।

       আলি আঃয়ে লৃগাং উৎসৱ আনুষ্ঠানিকভাৱে ৰাতিপুৱাই আৰম্ভ হয়। এই উৎসৱত এখন গাঁৱৰ  মানুহে গোটখাই লৈ অনুষ্ঠানৰ আনন্দ লয়। এই অনুষ্ঠানত পৰম্পৰাগত সাজপাৰ পিন্ধি মিচিং ডেকা - গাভৰু আৰু ল'ৰা-ছোৱালী সকলোৱে আনন্দ লয়।

          কোৱা শুনা মতে আলি আঃয়ে লৃগাঙৰ ৰাতি গাঁৱৰ ডেকা - গাভৰুসকলে মিলি গাঁওখনৰ পূৱসীমাত থকা  মুৰৰ ঘৰৰ পৰা বিহু আৰম্ভ কৰি শেষ কৰে পশ্চিম সীমাত। ঘৰে ঘৰে নৃত্য পৰিৱেশন কৰে আৰু নিজৰ জাতীয় খাদ্য "পুৰাং আপিন" খাই আৰু লগতে জাতীয় পানীয় "আপং" প্ৰচুৰ্য্য থাকে।

       লৃগাং আনুষ্ঠানিকভাৱে অৰম্ভ হৈ পাঁচ দিনৰ মুৰত শেষ হয়। লৃগাঙৰ সময়ত গোৱা গীত আৰু নৃত্য সমূহে কৃষিৰ লগত জড়িত ভঙ্গীমাবোৰ প্ৰকাশ কৰে। উৎসৱৰ শেষৰ দিনা গোটেই দিন নাচি - বাগি থাকে আৰু এটি শিমলু পুলি ৰুই এগচি বন্তি জ্বলাই বিহুক বিদাই দিয়ে। বিদায় দিয়াৰ সময়ত তেঁওলোকে পিছলৈ আৰু ঘূৰি নাচায়। আনন্দ মুখৰতা আৰু ৰীতি-নীতি আৰু সুন্দৰ সাজপাৰৰ শালীনতাৰে মিচিং আলি আঃয়ে লৃগাঙে নিজৰ লোক কৃষ্টিৰ নিদৰ্শন  দাঙি ধৰে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages