বিশ্বাসঘাতক
ৰূপা গগৈ
নীলমৰ ঘৰখনত তেওঁৰ পত্নী, দুগৰাকী কণ্যা, এটি পুত্ৰ সন্তানৰ সৈতে সীমাহীন মৰম ,বিশ্বাস , ভালপোৱাৰ একতাৰ এনাজৰীৰে বাস কৰি থকা দেখি ওচৰ-চুবুৰীয়া , বংশ-পৰিয়ালে সকলোকে তেওঁলোকৰ পৰিয়ালটি এক শান্তিৰ আলয়ত বাস কৰা বুলি প্ৰশংসা কৰে। তেনে এখন ঘৰৰ মূল মানুহ নীলমে এগৰাকী বিধৱা মহিলাৰ লগত বন্ধুত্ব সম্পৰ্ক ৰাখিছিল। এদিন সেই মানুহগৰাকীক বন্ধুত্বৰ খাতিৰত তেওঁৰ যিকোনো অসহায় মুহূৰ্তত তেওঁৰ কাষত থাকিব বুলি কথা দি নীলমে তেওঁলৈ সঘনাই ফোন কৰি বাৰ্তালাপ কৰিবলৈ ধৰিলে। কথাই কথাই নীলমে তেওঁ যে তেওঁৰ প্ৰতি দুৰ্বলতা আছে সেই কথাও প্ৰকাশ কৰিলে আৰু সকলোৰে অগোচৰে সংগোপনে তেওঁৰ লগত বুজাবুজিৰে এটা অবৈধ সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে । তেতিয়া বিধৱা মানুহগৰাকীয়ে পোনচাটেই না কৰি ক'লে"-
" এইয়া অসম্ভৱ। আপুনি ভুল ভাবিছে। আপুনি আপোনাৰ পত্নীৰ লগতে পৰিয়ালক বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছে। আজিৰ পৰা আপোনাৰ লগত মোৰ কোনো সম্পৰ্কও নাই, বন্ধুত্বও নাই। আপুনি মোৰ এজন বিশ্বাসী ভাল বন্ধু হ'ব নোৱাৰিলে। আপুনি এজন বিশ্বাসঘাতকহে। "
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment