বিজ্ঞাপন (Advertising) ৰ লগত জড়িত কেৰিয়াৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 1, 2024

বিজ্ঞাপন (Advertising) ৰ লগত জড়িত কেৰিয়াৰ

 


বিজ্ঞাপন (Advertising) ৰ লগত জড়িত কেৰিয়াৰ


ড° বুলজিৎ বুঢ়াগোহাঁই

     

       দৈনন্দিন জীৱনত বিজ্ঞাপনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমগ্র বিশ্বতে বিজ্ঞাপন এক জনপ্রিয় উদ্যোগ হিচাপে গঢ় লৈ উঠিছে। বিজ্ঞাপন বা এডভাটাইজিঙৰ প্ৰধান উদ্দেশ্য হ'ল সাধাৰণ ৰাইজক তথ্য প্ৰদান কৰা। বজাৰত নতুন কি কি সামগ্ৰীৰ প্ৰৱেশ ঘটিছে, সেইবোৰ সামগ্ৰীৰ মান কেনেকুৱা, ৰাইজে সেই সামগ্রীবোৰ কিয় ক্ৰয় কৰিব লাগে আদিৰ বিষয়ে পতিয়ন নিয়াব পৰাকৈ কথিত অথবা দৃশ্যৰ সহায়েৰে প্ৰচাৰ চলোৱাটোৱে হ'ল এজন বিজ্ঞাপনদাতাৰ কাম। সাধাৰণতে বাতৰি কাকত, আলোচনী, টেলিভিছন, ৰেডিঅ’, ৱেবছাইট, ইণ্টাৰনেট, হ'র্ডিংছ, বিলব'ৰ্ড, ছ’চিয়েল মিডিয়া আৰু অন্যান্য প্লেটফৰ্ম আদিৰ জৰিয়তে বিজ্ঞাপনসমূহ ৰাইজৰ মাজত উপস্থাপন কৰা হয়। বিজ্ঞাপন কেৰিয়াবোৰে বিভিন্ন ধৰণৰ শৈল্পিক আৰু কাৰিকৰী বিশেষত্বক সামৰি লয় যিয়ে দৃশ্যমানতা, গ্ৰাহকৰ আনুগত্য আৰু ব্ৰেণ্ডৰ সংযোগ বৃদ্ধিৰ বাবে একেলগে কাম কৰে। বিজ্ঞাপনে সৃষ্টিশীলতা আৰু প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দৃঢ়তা থকা সকলৰ বাবে এক লাভজনক আৰু সন্তোষজনক কেৰিয়াৰ গঢ়ি তুলিব পাৰে।

   বিজ্ঞাপনক কেৰিয়াৰ হিচাপে গঢ়িব বিচৰা ব্যক্তিসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – ভাল যোগাযোগ দক্ষতা, প্ৰযুক্তিগত দক্ষতা, সৃষ্টিশীলতা, ধৈৰ্য, আনক প্ৰভাৱিত কৰাৰ দক্ষতা, সময় ব্যৱস্থাপনা,বুজাব পৰা দক্ষতা, সিদ্ধান্ত লোৱা দক্ষতা, ভাল কল্পনা শক্তি, মানুহ আৰু পৰিস্থিতিৰ পৰ্যবেক্ষণ দক্ষতা, দলগত উদ্যম, নিয়মানুৱৰ্তিতা, মানুহৰ মনোবিজ্ঞান ভালদৰে বুজিব পৰা, উদ্যোগ ল'বলৈ আৰু নতুন ধাৰণা চেষ্টা কৰিবলৈ ইচ্ছুক হোৱা ইত্যাদি ।


   উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত বিজ্ঞাপন (Advertising) ৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। বিজ্ঞাপন(Advertising)ৰ চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি।


   বিজ্ঞাপন (Advertising) ৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ (http://www.aiimas.com), ইণ্ডিয়ান স্কুল অৱ মিডিয়া (https://www.ism.ind.in), ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্ণেলিজিম এণ্ড নিউ মেডিয়া (http://www.iijnm.org), ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন (www.iimc.nic.in), ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন ফিল্ম এণ্ড টেলিভিছন ষ্টাডিজ (https://www.imcfts.com), ইনষ্টিটিউট অৱ মাৰ্কেটিং কমিউনিকেছন ইণ্ডিয়া (https://www.imciindia.org), ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in), ইন্দ্রপ্রস্থ কলেজ ফৰ ৱমেন (http://ipcollege.ac.in) ,এছিয়ান কলেজ অৱ জাৰ্ণেলিজিম (www.asianmedia.org), এমিটি স্কুল অৱ কমিউনিকেছন (https://amityonline.com), এমিটি স্কুল অৱ কমিউনিকেছন, নয়ডা (https://www.amity.edu/asco/), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), খ্রীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in), গাৰ্ডেন চিটি ইউনিভাৰ্চিটি (https://www.gardencity.university/schools/media-studies/), ছফিয়া ইনষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেছন(http://www.scmsophia.com), ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেছন (www.simc.edu), জেভিয়াৰ ইনষ্টিটিউট অৱ বিজনেছ মেনেজমেণ্ট ষ্টাডিজ (https://www.xibms.com/advanced-diploma-in-advertising-management.php), জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেছন (www.xaviercomm.org), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), বাংগালুৰু বিশ্ববিদ্যালয় (https://bangaloreuniversity.karnataka.gov.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), ভাৰতীয় বিদ্যা ভৱন (http://bhavansvc.org), মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com), মুদ্রা ইনষ্টিটিউট অৱ কমিউনিকেছন(www.mica.ac.in), লেডী শ্রীৰাম কলেজ (http://lsr.edu.in), হায়দৰাবাদ বিশ্ববিদ্যালয় (www.commuoh.in) আদি।

      অসমত গণসংযোগ আৰু সাংবাদিকতা শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠানবোৰত শিক্ষা গ্রহণ কৰি বিজ্ঞাপন ক্ষেত্রৰখনত জড়িত হ’ব পাৰে। গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম তথা প্রশিক্ষণ আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম বিশ্ববিদ্যালয় (www.aus.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in), অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in), কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), অসম ডনব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), Turning Point Institute of Media & Creative Skills , অসম সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি।


      বিজ্ঞাপন (Advertising) ৰ বিভিন্ন ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে ব্যক্তিগত বিজ্ঞাপন সংস্থা, ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ বিজ্ঞাপন বিভাগ, সংবাদ মাধ্যমৰ বিজ্ঞাপন সংস্থা আদিত নিযুক্তি লাভ কৰিব পাৰে। নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল – বিজ্ঞাপন পৰিচালক (Advertising Manager), বিজ্ঞাপন বিক্ৰী পৰিচালক (Advertising Sales Manager), ব্ৰেণ্ড মেনেজাৰ (Brand Manager), ক্লাছিফাইড এডভাৰটাইজিং মেনেজাৰ (Classified Advertising Manager),যোগাযোগ সঞ্চালক (Communications Director),যোগাযোগ ব্যৱস্থাপক (Communications Manager), সৃষ্টিশীল সেৱাৰ সঞ্চালক (Creative Services Director), মাৰ্কেটিং আৰু প্ৰমোচন মেনেজাৰ (Marketing and Promotions Manager), প্ৰমোচন ডাইৰেক্টৰ(Promotions Director), প্ৰমোচন মেনেজাৰ (Promotions Manager) আদি।


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোনঃ ৯৪৩৫১৮৮৬৩০

ই-মেইলঃ buljit@gmail.com

www.buljit.com


বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages