ফাগুন
ৰূপালী মেধী নাথ
ফাগুন মানেই
উন্মনা প্ৰেমৰ অনুভব
মন মতলীয়া হোৱা বতৰ
ৰংচঙীয়া হৈ ফুলি
বিৰিখৰ ডাল ভৰি
শিমলু, পলাশ, মদাৰ ফুলে
চাৰিওফাল ৰঙেৰে উপচে
ৰাংঢালি হৈ হালি-জালি
নাচে গায় উলাহতে ....
শুকান আলি-পদূলি
ধূলিয়ৰি ওৰণি টানি
উন্মুক্ত পচোৱাৰে
বাটৰুৱাৰ আঁচল নিয়ে উৰুৱাই ....
ধৰাৰ বুকুলৈ বৰষা নামি
লঠঙা গছ বনে কুঁহিপাতৰ জিলিঙনি
প্ৰকৃতি ৰাণী যেন হৈ পৰে শুৱনী....
ডালত পৰি
কুলি, কেতেকী বন বিহগী
বসন্তৰ বিলায় আগ জাননী ....
এয়াই ফাগুন, ৰূপে-গুণে
অতি বিতোপন।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment