বিচ্ছেদৰ পিছত
পূৰৱী ফুকন
চূণপোৰা, শিৱসাগৰ
যিদিনা
চকুৰে নমনা আলিকেকুঁৰিত মই ৰৈ গʼলো
তেতিয়া তাৰ সন্ধিয়া বোৰে সদায়েই কান্দিছিল। সাঁজৰ তৰাই আহি
আনে নেদেখাকৈ চকুলো মচি দিছিল
নোগোৱাকৈ থাকি যোৱা ৰʼদৰ গানবোৰ
গলি -গলি নুমাই গৈছিল
তুমি নাই বুলি বাউলী বতাহক খিৰিকী ৰে বাট কাটি দিয়া নাই
আনে তাঁত বাতি কৰা দেখি
এনেয়ে চেৰেকি হাতত লোৱা নাই
কিনো কওঁ তোমাক
কাউৰী পুৱাতে তুমি তো যাবাই
শিতানতে কেঁচা সপোন ভাঙি
উদং হাতৰ মুঠি, কাণৰ লতি দেখি
এদিন কানীয়া ককাই কৈছিল
ʼতোৰ ডিঙিত গলপতা এডাল পিন্ধাই দিওঁ দেʼ
সেই দিনাৰ পৰাই
তোমাৰ নামৰ ঠিকনাটো খোপাটোত বান্ধি লʼলো
আঙুলিত পিন্ধি লʼলো শিলৰ আঙুঠি
ককাঁলৰ খোচনিত নুৰিয়ালো
সৰ্বস্ব প্ৰাৰ্থনা
আজিকালি মোক সাজৰ তৰাই কয়-
"তুমি এনেকৈয়ে গৈ থাকা। উজুটিত উফৰি পৰক শিল, বতাহত উৰি যাওঁক বাটৰ ধূলি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment