শব্দবোৰ হেৰাই যায়
লহৰজ্যোতি মৰাণ
আজি বহুত দিন হ'ল
এটি কবিতা ৰচা নাই;
লিখো বুলি ক'লেও
শব্দবোৰ হেৰাই যায়
অচিন মায়াজালত।
বেদনা গধুৰ ভাৱবোৰ
মনত লৈ নোৱাৰা হৈছো
সেই বোজা বহন কৰিবলৈ
লিখো বুলি ক'লেও হাতৰ
কঁপনি ঢৌ উঠে;
বগলী ঠেঙীয়া আখৰেৰে
লুকা-ভাকু খেলে!
আশা-ভৰষা কৰি
জীৱন উৎযাপন কৰিছো
যান্ত্ৰিক পৃথিবীৰ মেধা দৌৰত
তথাপিওঁ ফেৰ মাৰিব পৰা নাই।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment