কংক্ৰিটৰ মহানগৰী
সীমা প্ৰধান
গুৱাহাটী
কংক্ৰিটৰ মহানগৰীত আছে বহু কোলাহল
কোলাহল কেৱল আনতকৈ আগবাঢ়ি যোৱাৰ৷
টকা ঘটাৰ প্ৰৱণতা বহুতেই প্ৰৱল৷
উচ্চ পদ লাভ কৰিও উৎকোচ লোৱাত ভয় নাই৷
ভয় নাই হত্যা,ধৰ্ষণ, লুটপাত কৰাত৷
মানৱ হৈয়ো নিৰৱ হৈ থকা গুণ আছে ইয়াত
কেৱল নিজৰেই চিন্তা আশে-পাশে খবৰ লোৱাৰ আগ্ৰহ নাই৷
বিলাসিতাত সময় কটাবলৈ কিমান যে ভাল পায়৷
কংক্ৰিটৰ মহানগৰীত থাকি হৃদয় নিৰ্জীৱ হ’ল নেকি!
আজি দয়া মমতা, শ্ৰদ্ধা-ভক্তি ক’ৰবাত আবদ্ধ হৈ ৰ’ল৷
চাৰিওফালে জাক-জমকতাৰে পৰিপূৰ্ণ
মনৰ ভিতৰখন যেন এন্ধাৰ বন্ধ কোঠা
শ্বাস-প্ৰশ্বাস লৈ থকা পুতলাহে যেন
উঠা-জাগা সকলো
মূৰ্তি সদৃশ মনোভাৱ এৰা
কংক্ৰিটৰ মহানগৰীক জীৱন্ত কৰি তোলা৷
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment