ক্লিনিকেল চাইক’ল’জি
(Clinical Psychology)
ড° বুলজিৎ বুঢ়াগোহাঁই
ক্লিনিকেল চাইক’ল’জি (Clinical Psychology) পাঠ্যক্ৰম হৈছে মনোবিজ্ঞান (Psychology)ৰ এক শাখা যি ব্যক্তিৰ মানসিক বিকাৰ আৰু আৱেগিক অসুবিধাৰ মূল্যাঙ্কন, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়ে। ক্লিনিকেল চাইক’ল’জি পাঠ্যক্ৰমৰ শিক্ষা গ্রহণ কৰা সকলে চিকিৎসালয়, মানসিক স্বাস্থ্য ক্লিনিক, ব্যক্তিগত চিকিৎসালয়, এন জি অ’ আৰু শৈক্ষিক প্ৰতিষ্ঠানকে ধৰি বিভিন্ন পৰিৱেশত কাম কৰাৰ সুবিধা পায়।
ক্লিনিকেল চাইক’ল’জিষ্ট (Clinical Psychologist) হৈছে এজন পেছাদাৰী যিয়ে মুখ্যতঃ মনোৰোগৰ দৰে গুৰুতৰ মানসিক স্বাস্থ্যৰ সমস্যা থকা ব্যক্তিসকলৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে মুখ্যতঃ ব্যক্তিসকলৰ মানসিক সমস্যা যেনে- উদ্বেগ, হতাশা, নিচা, চাপ আৰু বহুতো ধৰণৰ মানসিক ৰোগৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰে। ক্লিনিকেল চাইক’ল’জিষ্ট এজন চিকিৎসক নহয়। তেওঁলোকে ঔষধ প্ৰেছক্ৰিপচন নকৰে। তেওঁলোকে চিকিৎসাৰ বাবে এজন মনোৰোগ বিশেষজ্ঞ (Psychiatrist) ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে।
এজন সফল ক্লিনিকেল চাইক’ল’জিষ্ট (Clinical Psychologist) হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – বিৱৰণৰ প্ৰতি মনোযোগ, ভাল আন্তঃব্যক্তিগত দক্ষতা,ভাল পৰ্য্যবেক্ষক, যথেষ্ঠ ধৈৰ্য্য ধৰিব পৰা মানসিকতা, শক্তিশালী বিশ্লেষণাত্মক দক্ষতা,সমালোচনাত্মক চিন্তাধাৰা, সহানুভুতিশীলতা, সামাজিক দায়বদ্ধতা, সুন্দৰ যোগাযোগৰ দক্ষতা থকা, স্পৰ্শকাতৰ তথ্য আলচ্ কৰা দক্ষতা থকা, অনুসন্ধিৎসু, কষ্ট কৰাৰ মানসিকতা আদি ।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘মনোবিজ্ঞান (Psychology)’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), অসম মহিলা বিশ্ববিদ্যালয় (https://www.awu.ac.in), লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in), অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (http://www.adtu.in), ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (https://www.rgu.ac), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in) আদি।
‘মনোবিজ্ঞান (Psychology)’ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (https://www.caluniv.ac.in), পুণে বিশ্ববিদ্যালয় (http://www.unipune.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), বৰকাতুল্লাহ বিশ্ববিদ্যালয়, ভূপাল (http://www.bubhopal.ac.in), খ্ৰীষ্ট বিশ্ববিদ্যালয় (https://christuniversity.in/), প্ৰেচিডেন্সি কলেজ (https://presidencycollege.ac.in/), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (https://www.bhu.ac.in), এমিটি বিশ্ববিদ্যালয় (https://www.amity.edu), ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (https://nimhans.ac.in), টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স(https://tiss.edu), জামিয়া মিলিয়া ইছলামিয়া (https://jmi.ac.in), চেণ্ট্ৰেল ইনষ্টিটিউট অৱ চাইকিয়াট্ৰি(https://cipranchi.nic.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (https://amu.ac.in), চণ্ডীগড় বিশ্ববিদ্যালয় (https://www.cuchd.in), পাৰুল বিশ্ববিদ্যালয় (https://paruluniversity.ac.in), চুইকাৰ একাডেমী অৱ ৰিহেবিলিটেচন ছায়েন্সছ (https://sarsacademy.org.in), ফাৰ্গুচন কলেজ (https://www.fergusson.edu), ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্স (https://ihbas.delhi.gov.in), ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (http://www.ignou.ac.in) আদি। ইয়াৰ উপৰিও আন প্ৰতিষ্ঠানসমূহৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদৰ ৱেবছাইট (https://rehabcouncil.nic.in) তো চাব পাৰে আৰু এই প্ৰতিষ্ঠানসমূহত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে। লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়।
ক্লিনিকেল চাইক’ল’জিষ্ট হিচাপে বাছনি কৰিব পৰাকৈ অসংখ্য নিয়োগৰ সুযোগ আৰু কৰ্ম পৰিৱেশ আছে। ব্যক্তিগত আগ্ৰহ আৰু কেৰিয়াৰৰ লক্ষ্যৰ সৈতে মিল থকা এটা ক্ষেত্ৰত বিশেষজ্ঞ হোৱাৰ বিকল্প আছে। যেনে -Behavioural Health Psychologist Child Psychologist, Forensic Psychologist, Geropsychologist, Health Psychologist, Neuropsychologist, Psychotherapist, Sports Psychologist আদি।
ভাৰতত ক্লিনিকেল চাইক’ল’জিষ্ট হ’বলৈ ইচ্ছা কৰিলে, পঞ্জীয়ন কৰি ক্লিনিকেল চাইক’ল’জিষ্ট হিচাপে কাম কৰিবলৈ ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (https://rehabcouncil.nic.in/) ৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিব লাগে। এই অনুজ্ঞাপত্ৰৰ বাবে যোগ্যতাৰ মাপকাঠী হ’ল - ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা Psychologyত দুবছৰীয়া স্নাতকোত্তৰ, Clinical Psychologyত দুবছৰীয়া M.Phil বা এবছৰীয়া Professional Diploma in Clinical Psychology বা চাৰিবছৰীয়া Psy.D in Clinical Psychology পাঠ্যক্রম সম্পূৰ্ণ কৰিব লাগিব।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment