ভোক
উজ্জ্বল স্মৰণ দত্ত
চিৰকলীয়া সেই চোক
কলমলাই কলমলাই
পিতপানী হৈ উজায় ভোক।
সহোদৰ হৈ ওপজাৰ পৰা
বাঢ়ে ভোকৰ চোক।
গিলি খোৱা পৃথিৱীত
ভোকৰ বাবেই
নিৰন্তৰ উঠা
নিৰন্তৰ বহা।
বাঢ়ে চোমালিয়া, ছিৰিয়া
তৃতীয় বিশ্বৰ দেশ
পিষ্ট কৰে ভোকৰ ভৰে জীৱন।
ভোক থকালৈ ভোক
উদৰ পুৰালেই ভোক
ভোগৰ ভোগ ভোগৰ জুখ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment