সোৱনশিৰিৰ অসুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

সোৱনশিৰিৰ অসুখ



 সোৱনশিৰিৰ অসুখ


জাতিৰাম কামান


    আইতাৰ নেওঠনিত চেপা খাই দলিচাত পৰি থকা শুভ্ৰৰঙী কপাহৰ থূপাবোৰৰ দৰে নিৰ্মল নীলাকাশত সিঁচৰিত থোপা থোপ শুকুলা মেঘৰ লানিবোৰ আকাশত ভাঁহি থকা অগলিত বৰফৰ টুকুৰা বুলি জনা নাছিলো শৈশৱত। গছেও যে উশাহ লয় সেই কথাও জনা নাছিলো। কিন্তু বয়স বঢ়াৰ লগে লগে জ্ঞান বাঢ়িল, পুথি অধ্যয়ন কৰি, পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায় বোলা কথাৰ দৰে মাণিক অৰ্জন কৰিলো, কথাৰ গূঢ়াৰ্থ বুজি উঠিলো।

   আজি কালি কিবা এটা লিখিম বুলিও লিখিব নোৱৰা হলোঁ। কিছুমান কথা মনলৈ আহে কিন্তু হাত নচলা হয়! কেতিয়াবা হাতে কিবা এটা লিখিব বিচাৰে কিন্তু ভাৱবোৰ নাইকিয়া হৈ যায়! তথাপি আজি কিবা এটা লিখিবলৈ চেষ্টা কৰিছোঁ।

    সেই যে পাতনিতে কলোঁ - আইতাৰ নেওঠনিত সিঁচৰিত কপাহৰ লডাবোৰৰ দৰে আকাশত ভাঁহি থকা মেঘৰ চপৰাবোৰ অগলিত বৰফৰ টুকুৰা বুলি জনা নাছিলো সৰুতে...কিন্তু সেই দিনবোৰেই ভাল আছিল। প্ৰকৃতিয়ে ঢালি দিয়া ৰং বোৰ অকুন্ঠ চিত্তে উপভোগ কৰিব পাৰিছিলো। মুক্ত প্ৰকৃতিৰ লগত মুকলি মনে বিচৰণ কৰিব পাৰিছিলো।আজিকালি বালিত পৰি থকা শিল টুকুৰাও বুটলিবলৈ সংকোচ হয়,হাতটো কোঁচ খাই  আহে....জানোচা কোনোবাই দেখে বুলি!কাৰণ, সেই শিল টুকুৰাও মুক্তভাৱে পৰি থকা নাই যে!নৈৰ বালি আৰু শিলৰ টুকুৰাবোৰো স্বাধীনতা হেৰুৱাই পেলাইছে যে.... ইহঁতবোৰো কুৱেৰিৰ হাতত বন্দী।

    নৈ খনো নিজৰ গতি হেৰুৱাই পেলাইছে।আমাৰ জীৱনত অধিক প্ৰভাৱ পেলোৱা স্ৰোতসিনী সোৱনশিৰিৰ কথা কৈছোঁ আমি। তাইৰ নিৰবধি গতিকো ৰূদ্ধ কৰিব বিচৰা হৈছে।তাইৰ স্বাভাৱিক গতিক বন্দী কৰি আতংকিত কৰাই প্ৰলয় মাতি আনি যদি ভাৰত বৰিষখন কৃত্ৰিম পোহৰে পোহৰাই তুলিব খোজে তেন্তে তেনে পোহৰ আমাক নালাগে,বৰঞ্চ হাজাৰ বছৰে এন্ধাৰৰ সতে যুঁজি অহা ককা আইতাৰ জুহালতে উম লৈ পোহৰ অকন লৈ থাকিবলৈ বেছি ভাল পাম।

   কিছু বছৰৰ আগতে উত্তৰাখণ্ডৰ বদ্ৰীনাথত সংঘটিত কৃত্ৰিম বানৰ ধংব্সলীলা চাই আহিছো। যোৱা কেইদিন চিকিমত মূষলধাৰ বৰষুণে বোৱাই অনা  তিষ্টা নদীৰ বান্ধ ছিগা কৃত্ৰিম বানৰ ঢলে প্ৰলয় সৃষ্টি কৰা দেখিছোঁ।

    সমীপৰ ৰঙানদী বিদ্যুত প্ৰকল্প, কাৰ্বি-লাংপিৰ কথা নকলোৱেই বা।ভূটানত থকা তেনে কৃত্ৰিম বান্ধবোৰেও নামনি অসমত আবতৰীয়া বান নমাই আনে,যি বানে অঞ্চলটো ডুবাই পেলায়; সেই কথাবোৰ কাকতে পত্ৰই, টিভিৰ পৰ্দাত বছৰি দেখা পাই আহিছোঁ। চীন তথা বিশ্বৰ তেনে বহু জেগাত জলবিদ্যুত প্ৰকল্পই নমাই অনা জল সংহাৰ মাজে সময়ে পাই থকা হয় খবৰ বাতৰিত, য’ত অসংখ্যলোকৰ প্ৰাণ হানি হোৱাৰ লগতে সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয়।এইবোৰ ঘটনা আমাৰ বাবে অশনি সংকেত নহয়তো!নামনি সোৱনশিৰিৰ ২০০০ মেগাৱাট যুক্ত বিদ্যুত প্ৰকল্পৰ বান্ধে থূনুকা শিলৰ পাহাৰ ভাঙি দাঁতি কাষৰীয়া অঞ্চলসমূহ নিমিষতে উটুৱাই তচ-নচ নকৰেতো ? আমি বান্ধৰ নিচেই সমীপত আছোঁ। এন এইচ পি চি কৰ্তৃপক্ষই আমাৰ বুকুত হাত দি হাজাৰ বাৰ আশ্বাস দিলেও জিউটো বান্ধি লৈহে আছোঁহক! ভয় আৰু শংকাৰে দিনবোৰ পাৰ কৰিছোঁ। তেনেদৰে দিনবোৰ পাৰ কৰিবলৈ সাজু হৈয়েই আছো। কাৰণ, থূনুকা পাহাৰত, নৈ'ৰ পাৰত বালিৰ বান্ধত আমি ঘৰ বান্ধি আছোঁ।

  শুনামতে বান্ধৰ কাম সম্পূৰ্ণ হওঁ হওঁ বুলিছে....এতিয়া মৰসাহ কৰি ফেউৰাই চিঞৰাদি চিঞৰিও লাভ নাই। চৰকাৰে চকু কান বন্ধ কৰি কাম কৰি আছে। এয়া দেশ প্ৰগতিৰ কাম।হাজাৰ কোটি টকীয়া ব্যয়বহুল প্ৰকল্প। দেশৰ এশ চল্লিশ কোটি জনতাক পোহৰ বিলাবলৈ যাওঁতে কিবা কাৰণত অধিক বৃষ্টিপাতৰ ফলত বান্ধ ভাগি ধেমাজি-লখিমপুৰ-মাজুলিৰ দৰে বেকৱাৰ্ড জিলাৰ দুই আঢ়ৈ লাখ মানুহৰ সলিল সমাধিও যদি ঘটে তাত দেশৰ কি আহে যায়? বিদ্যুত প্ৰকল্পৰ বাবে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলাৰ পাছতো প্ৰকল্প হৈ উঠিব।

  ভূ বিজ্ঞানী, প্ৰকৃতিবিদ আৰু টেকনিকেল এক্সপাৰ্ট সকলে বৃহৎ নদীবান্ধৰ বাবে গেৰুকামুখ প্ৰকল্প উপযোগী নহয় বুলি সতৰ্ক বাণী শুনোৱাৰ পাছতো এন এইছ পি চিয়ে প্ৰকল্পৰ কাম আগবঢ়ালে; কাৰণ, ইতিমধ্যেই বহু কোটি অৰ্থ ব্যয় কৰা হল জলবিদ্যুত প্ৰকল্পটোৰ বাবে। তথাপি আৰম্ভনিতেই নেতিবাচক দিশবোৰ চিন্তা কৰি প্ৰকল্পৰ কাম হয়তু স্থগিত ৰাখিব পৰা গলহেঁতেন!

   ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংবাদিক ৰাজদ্বীপ সাৰদেশায়ে পৰিবেশন কৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সংগ্ৰামী নেতা অখিল গগৈয়ে প্ৰকল্প বন্ধ কৰাৰ কথা উত্থাপন কৰি কৰ্তৃপক্ষক অনুৰোধ কৰা কথা নিশ্চয় সুধী সমাজৰ অবগত। অৱশ্যে তেওঁৰ নেতৃত্বত প্ৰতিৰোধী আন্দোলন বহু দিন আগৰে পৰাই চলি আহিছিল।

  আমি আচলতে প্ৰকৃতিক নিজৰ ভাগে চলিব দিয়া নাই। আমাৰ কামবোৰেই সদায়ে স্ববিৰোধী! বনানীকৰণৰ কথা কৈ বন ধংব্সত নামি যাওঁ আমিবোৰ।বান নিয়ন্ত্ৰণ কৰিবলৈ বান্ধ বান্ধি আকৌ কৃত্ৰিম ভাৱে জল বান্ধৰ সৃষ্টি কৰোহঁক। বায়ু প্ৰদুষণ ৰোধৰ কথা কৈ কয়লা, চিমেন্ট, তৈলখাদৰ বৃহৎ ফেক্টৰী গঢ়ি তোলো ব্যক্তিগত লাভালাভৰ বাবে কিন্তু ওচৰ পাজৰৰ সাধাৰণ জনতা সা সুবিধাৰ পৰা বঞ্চিত হয়।

    দেশৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে যত যি উদ্যোগেই নগঢ়ক লাগে এয়া আশে পাশে থকা মানুহৰ অনুকূলে যাব লাগে। দাঁতি কাষৰীয়া জেগাবোৰৰ যাতে বিস্তৰ ক্ষতিসাধন নহয় সেই কথাবোৰ চালি জাৰি চাইহে উদ্যোগ স্থাপন কৰাতো বাঞ্চনীয়।যি উদ্যোগে আৰম্ভণিৰে পৰা বাধাৰ সন্মুখীন হৈ আহিছে,যি উদ্যোগ স্থাপনৰ বাবে পৰিৱেশবিদ, পৰিৱেশ বিজ্ঞানী, ভূ তত্ববিদ সকলে সেউজ সংকেত দিয়াত কৃপণালি কৰিছে তেনে পৰি প্ৰেক্ষিতত বিতৰ্কৰ অৱকাশ থকা তেনে উদ্যোগবোৰ উদ্যোগপতি তথা চৰকাৰে বহু ভাৱি চিন্তিহে সিদ্ধান্তত উপনিত হোৱাতো বাঞ্চনীয় আছিল !

   আমাৰ ককা আজোককাহঁতে প্ৰাকৃতিক দুৰ্যোগৰ লগত যুঁজি বাগি প্ৰকৃতিৰ সতে সহাৱস্থান কৰি আহিছে। আমি এতিয়‍া যুঁজিব লাগিব মানৱসৃষ্ট কৃত্ৰিম প্ৰাকৃতিক দুৰ্যোগৰ সতে। জোৰ পুৰি হাত পোৱাৰ পাছত জোৰ নুমুৱাব নোৱাৰি, জোৰৰ পৰা হাত আতঁৰাই আনিব লাগিব।

  নদীবান্ধবোৰ সৰু সৰু হব লাগে।যাতে নিয়ন্ত্ৰণাধীন হৈ থাকিব পাৰে। সৰু নদীবান্ধত জমা হোৱা পানীৰ নিষ্কাসন নিয়ন্ত্ৰণৰ ভিতৰত থাকে যত বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত এয়া সম্ভৱপৰ নহয়।পানীৰ তীব্ৰতাই সংহাৰী ৰূপ লৈ নিমিষতে বৃহৎ অঞ্চল ডুবাই পেলাব পাৰে যত ক্ষয় ক্ষতিৰ পৰিমাণ বিস্তৰ ৰূপত হয়।কথাবোৰ আমি ভাৱিলে জানো হব?এয়া চৰকাৰে ভাৱিব লাগিব। চৰকাৰে কিয় ভৱা নাই এয়াহে ডাঙৰ প্ৰশ্ন!

 

বিঃ দ্ৰঃ গেৰুকামুখ জলবিদ্যুত প্ৰকল্পক লৈ বহু বছৰৰ আগতে সবিস্তাৰে ইতিমধ্যে 'আমাৰ অসম' কাকতত আমাৰ লেখা প্ৰকাশ হোৱাৰ ওপৰিও সামাজিক মাধ্যমতো ইতিমধ্যে লেখা হৈ গৈছে।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages