জোনাকৰ সেমেকা হাঁহি
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
এই নিজম সন্ধিয়াটি
চয়াময়া পোহৰত
জিলিকি উঠিছে
সৌ দূৰ আকাশত
ধূৱলিকুঁৱলি ডাৱৰৰ আঁৰত
এটি তৰা ধূৱতৰা।
অপেক্ষা কাৰ বাৱে
ইমান শান্ত গহীন গম্ভীৰ
নীৰৱে য়ে আছে ৰৈ
এই সন্ধিয়া ডাৱৰৰ আঁৰত
নদীখনত জিলিকি উঠিছে
হেঁপাহৰ আশাভৰা মাদকতাৰ সৌন্দৰ্য।
আৰু কিছু পৰ ৰোৱা
শুকুলা মেঘৰ আঁৰত
সাতোৰঙী সপোনেৰে
মায়াবী এসাগৰ জীপাল
ৰংবোৰে হাঁহিৰে সজীৱ কৰি তুলিব।
জোনাকৰ সেমেকা হাঁহি
কিহৰ এয়া বিষাদৰ ৰাগী
ক’ত বা হেৰাল ক’ত বা লুকাল
জীৱন তৃষ্ণাৰ নীলা আকাশৰ তলৰ
সততাৰ জিয়া কাহিনীয়ে
উমাল শব্দৰ মানৱতাৰ
একাজলি স্পন্দন স্বপ্নৰ গাথাঁ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment