পুৰুষ
অপৰূপা দত্ত
অৰুণাচল প্ৰদেশ
মহীৰুহৰ বীজ তুমি
বহুত সপোন লৈ ডাঙৰ হয়,
বহুত ডাঙৰ….
ডালপাত, শিপা বিয়পায়তাৰ পিছত আবিস্কাৰ,
আশ্ৰয় লাগে, লাগে স্বীকৃতি, নিজকে কোঁচাব শিকে,
সজায় লয় অলিখিত অংগীকাৰ মানি;
হাঁহিব পৰা,
কিন্তু
সুখী থাকা মোক, আমাক লৈ
আমিও সুখী থাকো, কাপোৰ, গহনা আৰু পাকঘৰ লৈ
নতুন পৃথিৱীত বিদ্ৰোহ বঢ়াব নিবিচাৰো,
সেয়ে "বনসাই" হৈয়ে আমি
ধুনীয়া থাকিব বিছাৰো
পুৰুষ তোমাৰ আশ্ৰয়ত।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment