স্মৰণ
সৰিফুল আলম
মায়ং, মৰিগাঁও
কি যে ভাললগা দিন,
কি যে ভাললগা সময়
কি যে মৰমী মানুহবোৰ
বাৰু কলৈ গ'ল আজি সকলো।
আমি কোৱা আমিবোৰ
আজি ক'ত আমি?
সময়ৰ সোঁততে আজি সকলো বিলীন
নাই যে আজি সেই দিন
নাই যে আজি আমাৰ সেই সময় ,সোণালী ।
বিয়লিৰ অস্তমিত সূৰ্যৰ দৰেই
গুচি গল সেই দিন পলকতে।
যদিওবা আজি বিলীন সেইদিন
ৰাখিছোঁ সাঁচি সেই স্মৃতিখিনি জীৱন নামে
ডায়েৰিখনিত
যদিওবা পাৰ হয় কেইবা শতাধিক, ঋতু,মাহ, বছৰ
তথাপিও অমৰ হৈ থাকিব স্মৃতি পূৰ্বৰ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment