এই ব’হাগতে
ৰুণু দেৱী শৰ্মা
গুৱাহাটী
মাজৰাতি বসন্তৰ সৈতে লুকাভাকু খেলোতে
আম গছজোপাত কপৌফুল ফুলিলে,
দূৰণিৰ পৰা ভাহি আহিল কোকিলৰ কণ্ঠত ব’হাগ আহিব বুলি।
নাচনীৰ মূগা-ৰিহাৰ খমখমনিত,
উখল-মাখল পদূলিবোৰত ব'হাগ আহে।
ডেকা-গাভৰুৰ যৌৱনৰ উঠা-নমা
হাঁহি বোৰত ব'হাগ আহে।
ব'হাগ আহে যেতিয়া
সপোনৰ ডেউকাযোৰে
তন্ময় হৈ চাই থাকে সূৰ্য উঠা দেশলৈ।
ব'হাগ নাহে মাথো সিহঁতৰ পৃথিবীলৈ য'ত ৰ'দ জলমল
আইনাৰ দৰে এখন হাতলৈ
ব'হাগ নাহে মাথো ধূলিৰে
ধূসৰিত কেইটামান খুচুৰা
প ইচাৰ কেইখনমান স্বচ্ছল মুখলৈ।
ঘন আন্ধাৰৰ ৰাতি সেউজীয়া আকাশৰ তলত বসন্তৰ সৈতে
কথা পাতিবলৈ ব'হাগ সিহঁতৰ
ওচৰলৈ নাহে।
ব'হাগ আহে মাথোঁ কপৌফুলৰ
খোপাত নাচনীৰ উঠন বুকুত
ব'হাগ আহে বুঢ়া আইতা আৰু
ডেকা হঁতলৈ।
ব'হাগ আহে যেতিয়া সকলোলৈ
কেতেকীৰ হিয়া ভঙা বিননিত
জোন গলা এটা দিশলৈ।
No comments:
Post a Comment