মোৰ শেষ কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

মোৰ শেষ কথা

 


মোৰ শেষ কথা 


                         পূৰৱী ফুকন

             চূণপোৰা, শিৱসাগৰ



জুইয়ে পুৰি পুৰি জিলিকাই তোলা 

এপাহ বেলিফুলীয়া সোণ হাতত তুলি ল‌ওঁতে

বসন্তৰ আগে আগে এটি প্ৰেমৰ কবিতাই 

শিমলুৰ দৰে উৰি আছিল

আপোন মনে  চিলা এখন হৈ

হঠাৎ এদিন 

কবিতাটোক পিন্ধাই দিয়া হৈছিল

নৰকৰ এটা লাওখোলা

পাহাৰে ভৈয়ামে প্ৰতিধ্বনি হৈছিল তাৰ শ্লোগান


চোৱা নাছিল আনকি বেলিৰ ৰং আৰু জোনৰ ৰূপ 


তুমি কোৱা এতিয়া সেই সোণেৰে মই কি গঢ়ো ?

তুমি কোৱাৰ দৰে সেই সোণেৰে এটি গীত গাওঁ নেকি

শুনি শুনি পাহৰি যাওঁক সকলো চৰাইয়ে দুখৰ অৰণ্য

তুমি কোৱাৰ দৰে সেই সোণেৰে এটি কবিতা লিখোঁ নেকি 

পঢ়ি পঢ়ি হেৰাই যাওঁক সকলো মানুহৰ নিকৃষ্ট যুদ্ধ  বিষাদ

তুমি কোৱাৰ দৰে সেই সোণেৰে শিশু সকলৰ বাবে এটা খেল খেলোঁ নেকি 

খেলি খেলি জয় কৰক সকলোৱে পৃথিৱীৰ আনন্দ

নে তুমি কোৱাৰ দৰে দহো আঙুলিৰ সকলো জ্যোতিষ গণনা খুলি

পাৰ হৈ যাওঁ নেকি পৃথিৱীৰ সিপাৰলৈ

যʼত জীয়াই থকাৰ হাহাকাৰ নেথাকে 


তুমি প্ৰেমৰ নামত

গোলাপৰ কাইটেৰে আখৰ লিখিব নেলাগে 

তুমি মৃত্যুৰ নামত

বাৰুদৰ জুইৰে বুৰঞ্জীৰ পৃষ্ঠাত খোজ দিব নেলাগে

তুমি জীৱন কালত

এপাহী কপাহ হৈ শিতানতে শুই ৰʼবা

এইয়া মোৰ শেষ কথা

এইয়া মোৰ শেষ কথা।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages