নিৰাশাৰ বাটচৰাত
জুনুকা পাঠক
বৰপেটা
ৰৈ যোৱা ৰৈ যোৱা
ফাটি চটফটাই
কলিজাটো যেন এটা অগ্নিময় বিস্ফোৰণ
আগ্নেয় তৃষাৰ।
আহা যদি আহিব পাৰা,
নকৰো হৃদয়ৰে আহ্বান !
কি যে কৰিব পাৰো.......
নাই যে দুবৰীৰ
অনামী বেটুপাত।
তাত আকি আকি
মোহাৰো
মদাৰৰ
হেঙুলীয়া বেদনা।
নাহিলেও নাহিব পাৰা,
কেতিয়াও বিচৰা নাই;
নাসাজো সেউজীয়া ঘাঁহনিৰ
ঠেহ ধৰা বসন্তৰ প্ৰভাত।
কিহৰ বাবে আছো ৰৈ,
জানো ! সুধিছা ? ?
নোৱাৰো ক’ব।
দূৰণীত কিবা মোহত
অন্ধ মোৰ আবেগ বিহ্বল
উলংগ হিয়াত এটা
বাৰিষাৰ বিননি,
খহাই লৈ যায় বাৰেকোপতি
চোতালত খেলি থকা
শালিকি যুৰি।
শব্দ আজি ক'ত হেৰাল ?
কোনো দিন সময়ে দিয়া নাই
সদুত্তৰ।
নিৰাশাৰ বাটচৰাত
স্বৰ্ণালীৰ বিধৌত বাসনা,
বাগৰি বাগৰি নিতাল মাৰে
মৈদানৰ জাৰণিত
সলিল পৃষ্ঠাৰ
Doksiri দকচিৰি, এপ্ৰিল, ২০২৪
No comments:
Post a Comment