বসন্ত বাসনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

বসন্ত বাসনা

 


বসন্ত বাসনা


                            ড° মীনা দেৱী বৰুৱা

                                        তিনিচুকীয়া


সময়বোৰ আউল লগা

গোলাপৰ প্ৰতীক্ষা, কাঁইটে বিন্ধে

ব'হাগ আহে

কপৌফুলে খোপা শুৱনি 

প্ৰতীক্ষা‌ৰ ৰাগ জুৰে


বাসন্তী বাসনা

দুৰু দুৰু চিত

বজাৰত জুই লাগিলেও

ঢোলৰ গুমগুমনিত 

তাঁতশাল উদ্‌গ্ৰীৱ


পছোৱা আঁতৰি যায়

বৰদৈচিলা মাকৰ ঘৰলৈ বুলি বাট চিকুণায়

বিধ্বংসী যাত্ৰাত

মন আৰু দৰৰ ওখনাওখনিত

ব'হাগে বাহৰ সলায়


ৰঙা আঁচুফুলৰ গামোচাযুটি

তাঁতশালত অপেক্ষা‌ৰ ক্ষণ গণে

মঞ্চ খদমদম

তচনচ নকৰিবি অ' ধুমুহাজাক

সপোনৰো বাসনা থাকে


ব'হাগ বাসন্তী বাসনা

প্ৰীতিৰে বন্ধোৱা

কাকিনী তামোলে নাচে হালে জালে

সম্পৰ্ক‌ৰ এনাজৰী

যাউতিযুগীয়া


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages